এজন গ্ৰাহকে নিজৰ বেংক একাউণ্টত নূন্যতম বেলেন্স ৰখাটো বাধ্যতামূলক৷ যদি বেংক একাউণ্টত নূন্যতম বেলেন্সতকৈ কম বেলেন্স থাকে তেন্তে গড় মাহিলী বেলেন্স বজায় নৰখাৰ বাবে বেংকে জৰিমনা আৰোপ কৰে৷ জৰিমনা সঞ্চয় একাউণ্টৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে৷ কিন্তু এতিয়া দেশৰ কেইবাটাও বেংকে গড় মাহিলী বেলেন্স বজাই ৰখাৰ বাধ্যবাধকতা বাতিল কৰিছে৷ বিশেষ ৪টা বেংকে বাতিল কৰিছে নুন্যতম বেলেন্স ৰখাৰ বাধ্যবাধকতা৷ এই পৰিবৰ্তন বেংকিং পৰিসেৱা আৰু সহজ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ধাৰণা কৰা হৈছে৷
ইণ্ডিয়ান বেংক
ইণ্ডিয়ান বেংকে সম্প্ৰতি ঘোষণা কৰিছে যে ৭ জুলাইৰ পৰা সমস্ত সঞ্চয় একাউণ্টত ন্যূনতম বেলেন্স প্ৰথা বাতিল কৰা হৈছে৷ গ্ৰাহকৰ ওপৰত আৰ্থিক বোজা কমাবলৈ আৰু সকলোৰে বাবে বেংকিং পৰিসেৱা এক্সেছযোগ্য কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে৷ এই পদক্ষেপটো বিশেষকৈ সেইসকল গ্ৰাহকৰ বাবে উপকাৰী হ’ব যিসকলো সৰু সৰু লেনদেনৰ বাবে একাউণ্ট ব্যৱহাৰ কৰে৷
ষ্টেট বেংক অফ ইণ্ডিয়া
ষ্টেট বেংক অফ ইণ্ডিয়া ২০২০ চনত সমস্ত সঞ্চয় একাউণ্টৰ পৰা ন্যূনতম বেলেন্স প্ৰথা বাতিল কৰিছে৷ এই নীতিৰ অধীনত গ্ৰাহকৰ বেলেন্সৰ অভাৱৰ বাবেই কোনো জৰিমনা দিব নালাগে৷ SBIৰ এই পদক্ষেপ গ্ৰাহক কেন্দ্ৰীক দৃষ্টিভংগীৰ প্ৰতিফলন, যিয়ে লাখ লাখ একাউণ্টধাৰীক স্বস্তি দিছে৷
কানাড়া বেংক
কানাড়া বেংকে ২০২৫ চনৰ মে মাহত সমস্ত সঞ্চয় একাউণ্ট, যেনে নিয়মিত সঞ্চয় একাউণ্ট, বেতন একাউণ্ট আৰু এন আৰ আই সঞ্চয় একাউণ্টৰ বাবে গড় মাহিলী বেলেন্সৰ প্ৰয়োজনীয়তা শেষৰ ঘোষণা কৰিছিল৷ এই উদ্যোগে গ্ৰাহকৰ মাজত বেংকৰ জনপ্ৰিয়তা আৰু বঢ়াইছে৷ এতিয়া ন্যূনতম বেলেন্সক লৈ চিন্তা নকৰাকৈ গ্ৰাহকে একাউণ্ট ব্যৱহাৰ কৰিব পাৰে৷
পঞ্জাৱ নেশ্ব্যনেল বেংক
পঞ্জাৱ নেশ্ব্যনেল বেংকে সমস্ত সঞ্চয় একাউণ্টত ন্যূনতম গড় বেলেন্সৰ প্ৰয়োজনীয়তা বাতিল কৰিছে৷ পূৰ্বে পি এন বি ন্যূনতম বেলেন্সৰ অভাৱৰ ওপৰত ভিত্তি কৰি জৰিমনা আদায় কৰে৷ এই নতুন সিদ্ধান্তই গ্ৰাহকক স্বস্তি দিবলৈ সক্ষম হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ