অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- ‘অল্লু অৰ্জুনৰ আছে যোগ্যতা’
মুকেশ খান্নাই অৱশেষত বিচাৰি পালে নিজৰ পছন্দৰ শক্তিমান। যোগ বুলি বিবেচিত কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ অল্লু অৰ্জুনক। অল্লু অৰ্জুনেহে হ’ব পাৰিব পৰৱৰ্তী শক্তিমান। ৰনবীৰক কোনোপধ্যেই দিয়া নহয় শক্তিমান হোৱাৰ বাবে অনুমতি।
এই কথা নিজে সদৰি কৰিলে শক্তিমান খ্যাত অভিনেতা মুকেশ খান্নাই। দীৰ্ঘদিনৰে পৰা চলি অহা শক্তিমানৰ ওপৰত নিৰ্মিত হব লগা শক্তিমান চিনেমাৰ মুখ্যচৰিত্ৰৰ অভিনেতাৰ সন্ধান অৱশেষত শেষ কৰিলে মুকেশ খান্নাই।
বহু দিনৰ পূৰ্বৰে পৰা চলি আহিছে যশৰাজ ফিল্মে শক্তিমানৰ ওপৰত ছুপাৰপাৱাৰৰ চিনেমা নিৰ্মাণ কৰাৰ কথা। যাৰ বাবে যশৰাজ ফিল্মে ইয়াৰ ৰাইটছ ক্ৰয় কৰাৰ বাবে মুকেশ খান্নাৰ কাষো চাপিছিল। ৰনবীৰেও শক্তিমান হোৱাৰ ইচ্ছাৰে কাষ চাপিছিল মুকেশ খান্নাৰ।
পাছে সেই অফাৰ পোনচাটেই নাকচ কৰিছিল অভিনেতাগৰাকীয়ে। কোনোপধ্যেই শক্তিমাৰ ৰাইটছ বিক্ৰী নকৰে মুকেশ খান্নাই। যাৰ বাবে চিনেমাখনৰ ওপৰত কাম কৰিব পৰা নাছিল। মুকেশ খান্নাই কৈছিল যোগ্য শক্তিমানৰ অভাৱ, যেতিয়াই ইয়াৰ সন্ধান অন্ত পৰিব তেতিয়াই আৰম্ভ হব শক্তিমান চিনেমা নিৰ্মাণৰ কাম।
কিন্তু সেই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত মুকেশ খান্নাই সদৰি কৰিলে পছন্দৰ শক্তিমানৰ নাম। একপ্ৰকাৰ মোহৰ মাৰি দিলে অভিনেতা অল্লু অৰ্জুনৰ ওপৰত। মুখেশ খান্নাই কয়- শক্তিমানৰ দৰে এটা চৰিত্ৰ কৰাৰ বাবে অল্লু অৰ্জুন সুযোগ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















