অতিকে শোকাৱহ, ধুমুহাৰ তাণ্ডৱৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত, ৭০ৰো অধিক আহত
ধুমুহাৰ তাণ্ডৱ, প্ৰচণ্ড জোৰে অহা ধুমুহাৰ ফলত এখন ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি পৰি ১৪ গৰাকী লোক নিহত হয়, তাৰোপৰি ৭৪ গৰাকী লোক এই ঘটনাৰ ফলত আহত হয়। ইয়াৰে এগৰাকী লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
মুম্বাইৰ ঘাটকোপাৰত সংঘটিত হৈছে এই অতিকে শোকাৱহ দুৰ্ঘটনাটো। ধুমুহাৰ ফলত ১০০ ফুট ওখ হ’ৰ্ডিং ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে। মুম্বাই পৌৰ নিগমৰ তথ্য অনুসৰি বৰ্তমান ৪৩ জন আহত লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে ৩১ জন আহতক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। আহত এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।
এজন বিষয়াই জনোৱা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৩.৩০ বজাত জিমখানাৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। তাৎক্ষণিক সাহায্য প্ৰদানৰ বাবে নেশ্যনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চ (এন ডি আৰ এফ), অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দলক স্থানলৈ প্ৰেৰণ কৰা হয়। তেওঁ কয় যে এই দুৰ্ঘটনাত বহু লোক আহত হৈছে। সাহায্য আৰু উদ্ধাৰ অভিযানৰ সময়ত ক্ৰেন আৰু গেছ কাটাৰ ব্যৱহাৰ কৰা হৈছে।
ঘাটকোপাৰত সংঘটিত দুৰ্ঘটনাৰ পিছত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে মুম্বাইৰ মুলুণ্ড অঞ্চলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী সভা বাতিল কৰিছে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
দুৰ্ঘটনাটোৰ ক্ষেত্ৰত মুম্বাই পৌৰ নিগমে ৰে’লৱে আৰু বিজ্ঞাপন কোম্পানী ইগো মিডিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব। বিএমচিয়ে কয় যে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ৰে’লৱে আৰু বিজ্ঞাপন কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব। আনহাতে, কেন্দ্ৰীয় ৰে’লৱেৰ বিষয়া স্বপ্নীল নীলাই কয় যে যি মাটিত হ’ৰ্ডিং খন লগোৱা হৈছিল সেই মাটি কেন্দ্ৰীয় ৰে’লৱেৰ নহয়, চৰকাৰী ৰে’ল আৰক্ষীৰ (জি আৰ পি)।
ইফালে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে সন্ধিয়া ঘাটকোপাৰত সংঘটিত হ’ৰ্ডিং ভাঙি পৰা কাণ্ডৰ পিছত সেই স্থান পৰিদৰ্শন কৰি মুম্বাই চহৰৰ সকলো হ’ৰ্ডিং ষ্ট্ৰাকচাৰৰ অডিট কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে হ’ৰ্ডিং সৰি পৰাৰ ফলত নিহতহোৱা লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ