হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ’ল প্ৰাণ
হায়ৰে উন্নয়নশীল ভাৰত। উন্নতৰ দিনত ইমানেই আগবাঢ়িছে ভাৰত যে, ঘটনাৰ বিষয়ে সদৰি হোৱাৰ লগে লগে লাজ লগা কথা তথা অতিকে হৃদয়বিদাৰক। দেশৰ আৰ্থিক ৰাজধানী মুম্বাইত সংঘটিত হৈছে এক ঘটনা। যি ঘটনাই চকু কপালত তুলিছে বহুতৰে।
এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱজনিত কাৰণত হাস্পতাললৈ নিয়াৰ পথতে এম্বুলেঞ্চত তেল শেষ হয়। দ্বিতীয়খন এম্বুলেঞ্চ অহালৈ সময় লগাই এঘণ্টা।
তাৰ পাছত আকৌ হাস্পতালত গৈ উপস্থিত হোৱাৰ পাছতে বিজুলী গুচি যায়। ইনভাৰ্টাৰৰো ব্যৱস্থা ভাল নোহোৱাত শেষত মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰে মহিলাৰ।
কিন্তু সেই মোবাইলৰ পোহৰত কৰা অস্ত্ৰোপচাৰত প্ৰাণ হেৰুৱাই মহিলাগৰাকীৰ লগতে নৱজাত শিশুৱেও। কালি নিশা সংঘটিত হৈছে এই ঘটনা। যি ঘটনাই এতিয়া তোলপাৰ লগাইছে মুম্বাইত। মহিলাগৰাকীৰ স্বামীয়েও আৰক্ষীৰ কাষ চাপিছে ন্যায় বিচাৰি।
এখন ভৰিৰে পংগু স্বামীয়ে গোচৰ তুলি কয় যে, হাস্পতাললৈ অনাৰ সময়ত মহিলাগৰাকী সম্পূৰ্ণ সুস্থ আছিল। এম্বুলেঞ্চৰ সমস্যা হলেও দিনৰ ভাগতে আহি পাইছিল হাস্পতাল। পাছে সকলো ঠিকে থকা বুলি নিশালৈ অপেক্ষা কৰে ডাক্তৰে।
শেষত নিশাৰ ভাগত পৰিস্থিতি বিষম বুলি অস্ত্ৰোপচাৰ কৰিবলৈ যো-জা কৰে, পাছে হেন সময়তে কাৰেণ্ট নোহোৱা হয়। আনফালে ইনভাৰ্টাৰ অন নহয়, যাৰ বাবে মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰে। কিন্তু তেতিয়ালৈ মাতৃৰ গৰ্ভতে মৃত্যু হয় শিশুৰ। পাছত মাতৃৰো মৃত্যু।
হাস্পতালৰ গাফিলতিৰ বাবেই সংঘটিত হয় এই অতিকে নিদাৰুণ ঘটনা। তাকো মুম্বাইৰ দৰে দেশ তথা বিশ্বৰ ভিতৰতে অন্যতন এখন চহৰত। যি ঘটনাক লৈ এতিয়া আৰক্ষীৰ লগতে ৰাজনৈতিক ক্ষেত্ৰতো তোলপাৰ লাগি গৈছে।
নিৰ্বাচনৰ সময়তে এনে এক ঘটনা সংঘটিত হোৱাত এতিয়া সকলো ৰাজনৈতিক দলেই দুৰ্ভগীয়া পৰিয়ালটোৰ হৈ মাত মাতিছে। এতিয়া সময়তহে দেখা যাব পৰিয়ালটোৱে ন্যায় লাভ কৰে নে নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ