দৃশ্য দেশি শিয়ৰি উঠিব আপুনি, ৪০ লোকক মহতিয়ালে বাছে, বাঢ়ি গৈ আছে মৃতকৰ সংখ্যা
মুম্বাইৰ কুৰ্লাত ভয়ংকৰ দুৰ্ঘটনা, এখন চৰকাৰী বাছে মহতিয়াই নিলে ৪০ গৰাকীকৈ লোকক। গুৰুতৰ ভাৱে আহত বহুতো। ৪ জন লোকে ইতিমধ্যে হেৰুৱালে প্ৰাণ।
সোমবাৰে নিশা মুম্বাইৰ কুৰ্লাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা, য’ত চাৰিজন লোকে প্ৰাণ হেৰুৱাই ৪০ জন লোক আহত হয়। বৃহনমুম্বাই ইলেক্ট্ৰিক চাপ্লাই এণ্ড ট্ৰেন্সপ’ৰ্ট (BEST)ৰ এখন বাছৰ ব্ৰেক বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।
পৌৰসভাৰ এগৰাকী বিষয়াই এই বিষয়ে জানিবলৈ দিয়ে। বিষয়াসকলে জনোৱা মতে, ৩৩২ নম্বৰ পথত বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই বাছখন পথচাৰী আৰু কিছু অন্য বাহনত খুন্দা মাৰে।
দুৰ্ঘটনাৰ পিছতে স্থানত উপস্থিত হোৱা মহাৰাষ্ট্ৰ আৰক্ষী বিষয়া ডিচিপি জ’ন-৫ গণেশ গাউড়ে কয় যে কুৰ্লাত চৰকাৰী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত ঘটনাত ২৫ জন লোক আহত হোৱাৰ লগতে ৪ জন লোকৰ মৃত্যু হয়। আহত সকল বৰ্তমানে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছ।
আনহাতে বাছখনৰ চালকজনক জিম্মাত লোৱা হৈছে, আৰক্ষীয়ে ঘটনাসন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে। চালকে জনোৱা অনুসৰি, বাছ নিয়ন্ত্ৰণৰ বাহিৰ হোৱাৰ পাছত অধিক আতংকিত হৈ তেওঁ ব্ৰেকৰ সলনি এক্সিলেটৰ টিপে, যাৰ ফলত বাছখনৰ গতি বাঢ়ি যায়। ফলত ৪০ জন মান লোকে আহত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















