অসম লাইভ ২৪ঃ প্ৰমিকালৈ বৰকৈ মনত পৰিছে এজন যুৱকৰ। কোভিড কাৰ্ফিউৰ মাজতে প্ৰেমিকাক লগ ধৰিবলৈ অনুমতি বিচাৰি আৰক্ষীলৈ টুইট এজন যুৱকৰ। আৰক্ষীয়েও দিলে যুৱকৰ টুইটৰ আমোদজনক প্ৰত্যুত্তৰ। কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে এই আমোদজনক ঘটনা সংঘটিত হৈছে মুম্বাইত। সম্প্ৰতি মুম্বাইত জাৰি কৰা হৈছে কোভিড কাৰ্ফিউ। জৰুৰীকালীন যান-বাহনৰ ক্ষেত্ৰত ভিন্ন ৰঙী ষ্টীকাৰ লগোৱাৰ ব্যৱস্থা কৰিছে মুম্বাই আৰক্ষীয়ে। যোৱা সপ্তাহৰপৰা এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে মুম্বাইত। প্ৰেমিকাক লগ ধৰিবলৈ যাবলৈ কি ৰঙৰ ষ্টীকাৰ ব্যৱহাৰ কৰিব লাগিব এই সন্দৰ্ভত টুইটযোগে আৰক্ষীক প্ৰশ্ন কৰে অশ্বিন বিনোদ নামৰ যুৱকজনে। প্ৰত্যুত্তৰত আৰক্ষীয়ে কয়, ‘আমি বুজি পাইছো আপোনাৰ বাবে এইটো কিমান জৰুৰী, কিন্তু আমাৰ জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত ই অন্তৰ্ভুক্ত নহয়, তাৰ বাবে আমি দুঃখিত!, দূৰত্বই আন্তৰিকতা বৃদ্ধি কৰে আৰু সাম্প্ৰতিক পৰিৱেশত আপোনাকো সুস্থ ৰাখে।’
We understand it’s essential for you sir but unfortunately it doesn’t fall under our essentials or emergency categories!
Distance makes the heart grow fonder & currently, you healthier
P.S. We wish you lifetime together. This is just a phase. #StayHomeStaySafe https://t.co/5221kRAmHp
— Mumbai Police (@MumbaiPolice) April 22, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ