অসম লাইভ ২৪ঃ খহনীয়া লাগিছে টুইটাৰত৷ অব্যাহত আছে কৰ্মচাৰীৰ পদত্যাগ৷ কৰ্মচাৰীৰ অব্যাহতিৰ মাজতে ইলন মাস্কে কৰিছে এক বিশেষ ঘোষণা৷ টুইটাৰত নিজৰ মতে চলোৱাৰ মন বনাইছে ইলন মাস্কে৷ শনিবাৰে ইলন মাস্কে টুইটাৰত কণ্টেণ্ট মাডৰেচনৰ বাবে নিজৰ যোজনাৰ কথা ব্যক্ত কৰিছে৷ টুইটাৰৰ নতুন পলিচী অনুসৰি ব্যক্তিৰ মত প্ৰকাশৰ স্বাধীনতা আছে কিন্তু প্ৰৱেশৰ স্বাধীনতা নাই৷ বৃহৎ সংখ্যক কৰ্মচাৰীৰ অব্যাহতিৰ পাছতে মাস্কে কৰিছে এই ঘোষণা৷
শুকুৰবাৰেও শ শ টুইটাৰ কৰ্মচাৰীয়ে পদত্যাগ কৰিছিল ৷ মাস্কৰ অধিগ্ৰহণৰ এসপ্তাহৰ পাছত কোম্পানীটোৰ কৰ্মশক্তি কমি আহিছে৷ সময়সীমাৰ আগতে শ শ কৰ্মচাৰীয়ে কোম্পানীৰ পৰা পদত্যাগ কৰাৰ পাছতে মাস্কে কৈছে যে তেওঁ এই বিষয়ে চিন্তিত নহয়৷ কিয়নো শ্ৰেষ্ঠ কৰ্মচাৰীসকল এতিয়াও কোম্পানীত আছে৷ মাস্কে টুইটাৰত লিখিছে টুইটাৰৰ নতুন নীতিত মতপ্ৰকাশৰ স্বাধীনতা আছে৷ কিন্তু প্ৰৱেশাধিকাৰৰ স্বাধীনতা এতিয়াও মঞ্জুৰ কৰা হোৱা নাই৷ ঘৃণা আৰু নেতিবাচক টুইটবোৰো অধিককৈ বিমুদ্ৰাকৰণ হ’ব৷ টুইটাৰত কোনো বিজ্ঞাপন বা ৰাজহৰ আন উৎস উপলব্ধ নহ’ব৷ যেতিয়ালৈকে আপুনি ইয়াক বিশেষভাৱে বিচাৰি নাযায় আপুনি এটাও টুইট বিচাৰি নাপাব৷
টুইটাৰত এই খহনীয়াৰ মাজতে ১৯ নৱেম্বৰ অৰ্থাৎ শনিবাৰে ইলন মাস্কে টুইটাৰত ইউজাৰকাৰীসকলৰ প্ৰশ্ন কৰিছিল যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বন্ধ হৈ থকা টুইটাৰ একাউণ্টটো পুনৰ খুলি দিম নে নাই। আপোনালোকক জনাই থও বিগত বৰ্ষৰ জানুৱাৰী মাহত টু্ইটাৰে বন্ধ কৰি দিছিল ডনাল্ড ট্ৰাম্পৰ একাউণ্টটো।
আৰু প্ৰায় ১ কোটি ৬০ লাখ ইউজাৰকাৰীয়ে মত প্ৰকাশ কৰিছিল। সেই মৰ্মে আজি দেওবাৰে ইলন মাস্কে ডনাল্ড ট্ৰামৰ একাউণ্টটো পুনৰ সক্ৰিয় কৰিবলৈ নিৰ্দেশ দিয়ে কৰ্মচাৰীবৃন্দক। তাৰ পাছতে বৰ্তমান টুইটাৰত ট্ৰেণ্ডিঙত আছে হেজটেগ ডনাল্ড ট্ৰাম্প। লগতে ইলন মাস্কেও Vox Populi, Vox Dei বুলি লিখি ডনাল্ড ট্ৰাম্পক আদৰণি জনায়। Vox Populi, Vox Dei বাক্য়শাৰী লেটিন ভাষাৰ পৰা লোৱা হৈছে আৰু ইয়াৰ অৰ্থ হ’ল মানুহৰ মাত হৈছে ঈশ্বৰৰ কণ্ঠস্বৰ। কিন্তু ডনাল্ড ট্ৰাম্পে টুইটাৰত পুনৰ আহিবলৈ আগ্ৰহী নহয়। তেওঁ শনিবাৰে এক আলোচনাত কয় যে- মই অন্য় এটা সামাজিক মাধ্য়মত ব্য়স্ত হৈ আছো। মই টুইটাৰত ঘূৰি যোৱাৰ কোনো কাৰণ পোৱা নাই। আচলতে টুইটাৰত একাউণ্ট বন্ধ হৈ যোৱাৰ পাছত ট্ৰাম্পে নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্ম TRUTH SOCIALত সক্ৰিয় হৈ আছে।
দেওবাৰে ইলন মাস্কে কৰা এটা টুইটত পুনৰ তোলপাৰ লাগিছে টুইটাৰত। তেওঁ লিখিছে টুইটাৰ ইজ এলাইভ।
টু্ইটাৰত এই খহনীয়াৰ পাছতো ইলন মাস্কৰ এই টুইটটোৱে খলকনি তুলিছে টুইটাৰত। সম্ভৱত তেওঁ নতুন কৰ্মচাৰী নিযুক্তিৰ কথা চিন্তা কৰি এই টুইট কৰা বুলি একাংশ ইউজাৰকাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ