অসম লাইভ ২৪ঃ ক’ৰোনা সংকটৰ মাজতে সামুদ্ৰিক ঘূৰ্ণী বতাহ ‘তাউক্তে’ৰ(Cyclone Tauktae) তাণ্ডৱ। ‘তাউতে’ৰ প্ৰভাৱত বিধ্বস্ত মহাৰাষ্ট্ৰ, গুজৰাট। ঘণ্টাত ১৮৫ কিঃমিঃ বেগত অহা ‘তাউক্তে’’ৰ প্ৰভাৱত মুম্বাইৰ হাইত বৰ্তমানেও সন্ধানহীন হৈ আছে ১২৭ গৰাকী লোক। ONGCৰ বাৰ্জত কৰ্মৰত লোকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে NDRF বাহিনীয়ে। সোমবাৰে ‘তাউক্তে’’ৰ প্ৰভাৱত মুম্বাইত সন্ধানহীন হয় মুঠ ২৭৩গৰাকী ব্যক্তি। তাৰে ১৪৬ জনক উদ্ধাৰ কৰা হয় যদিও ১২৭ জন বৰ্তমানেও সন্ধানহীন হৈ আছে। ‘তাউক্তে’’ৰ ফলত হোৱা প্ৰৱল বৰষুনৰ বাবে মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথত বানপানীৰ সৃষ্টি হৈছে। গুজৰাটত ‘তাউক্তে’’ৰ প্ৰভাৱত মৃত্যু হৈছে ৪ গৰাকী ব্যক্তিৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ