• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

3 weeks ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

3 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

3 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

4 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

5 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

6 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

6 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

7 hours ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

7 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

8 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

8 hours ago
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

9 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

বিশ্ব ক্ৰিকেটত এজনেই কৰিছে যি কাম

editor by editor
September 8, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে
0
SHARES
964
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বেৰ-ঈ-পাঞ্জাব T20 লীগ ২০২৬ত বেটিঙৰ এক অবিশ্বাস্য প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মুম্বাই ইণ্ডিয়ানছৰ অলৰাউণ্ডাৰ নমন ধীৰে। ‘অমৃতসৰ ছুৰমাছ’ৰ হৈ খেলি ‘মোহালী কিংছ’ৰ বিৰুদ্ধে মাত্ৰ ৬৪টা বলত ১৭৩ ৰান সংগ্ৰহ কৰি তেওঁ লীগখনৰ ইতিহাসত এক নতুন অভিলেখ গঢ়ে। তেওঁৰ এই বিধ্বংসী ইনিংছত আছিল ১৬টা চাৰি আৰু ১২টা সুবিশাল ছিক্সাৰ। অৰ্থাৎ কেৱল বাউণ্ডেৰীৰ পৰাই তেওঁ ১৩৬ ৰান সংগ্ৰহ কৰে। কেৱল শ্বেৰ-ঈ-পাঞ্জাব t20 লীগেই নহয় t20 ফৰ্মেটত কোনো বেটাৰৰ এয়া দ্বিতীয় সৰ্বাধিক ব্যক্তিগত স্ক’ৰ।

মোহালীৰ আই এছ বিন্দ্ৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত মোহালী কিংছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। অমৃতসৰ ছুৰমাছৰ হৈ ইনিংছ মুকলি কৰিবলৈ ক্ৰিজলৈ আহিছিল নমন ধীৰ। সাধাৰণতে মিডল অৰ্ডাৰত বেটিং কৰা ধীৰে এইবাৰ অ’পেনাৰ হিচাপে সুযোগ পাই সেই সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰে। প্ৰথম কেইটামান বলত অলপ সময় লৈ খেলাৰ পাছতে ধীৰে নিজৰ স্বাভাৱিক আক্ৰমণাত্মক ৰূপ দেখুৱাবলৈ আৰম্ভ কৰে। তাৰ পাছত মোহালী কিংছৰ বলাৰসকলৰ ওপৰত যেন ৰুদ্ৰ ৰূপ ধাৰণ কৰে তেওঁ। চাৰি-ছয়ৰ বৰষুণেৰে খেলপথাৰ ভৰাই তোলা ধীৰে মাত্ৰ ৩৭টা বলতে শতক সম্পূৰ্ণ কৰে। এই শতক শ্বেৰ-ঈ-পাঞ্জাব T20 লীগৰ অন্যতম দ্ৰুততম শতক হিচাপে পৰিগণিত হয়।

ইয়াৰ পাছত তেওঁৰ বেটিং আৰু অধিক বিধ্বংসী হৈ পৰে। মাত্ৰ ৫৪টা বলতে ১৫০ ৰান সম্পূৰ্ণ কৰে ধীৰে। শেষলৈ গৈ ৬৪টা বলৰ সন্মুখীন হৈ ১৭৩ ৰানত আউট হয়। ইনিংছৰ শেষ অভাৰত আয়ুষ গোৱেলৰ বলত আউট হৈ এই ঐতিহাসিক ইনিংছৰ অন্ত পেলায়। নমন ধীৰৰ ১৭৩ ৰানৰ ইনিংছৰ আটাইতকৈ উল্লেখযোগ্য দিশ আছিল তেওঁৰ বাউণ্ডেৰীৰ সংখ্যা। তেওঁ ১৬টা চাৰি আৰু ১২টা ছয়, মুঠ ২৮টা বাউণ্ডেৰী কোবায়। ৬৪টা বলত ১৭৩ ৰান অৰ্থাৎ তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল প্ৰায় ২৭০.৩১।

এই ইনিংছৰ জৰিয়তে ধীৰে শ্বেৰ-ঈ-পাঞ্জাব T20 লীগৰ ইতিহাসত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অভিলেখ নিজৰ নামত কৰাই নহয় বিশ্বৰ ICC বা যিকোনো বোৰ্ডৰ স্বীকৃতিপ্ৰাপ্ত T20 ফৰ্মেটৰ দ্বিতীয় সৰ্বাধিক ব্যক্তিগত স্ক’ৰ। মাত্ৰ ২ ৰানৰ বাবে ক্ৰিছ গেইলৰ অপৰাজিত ১৭৫ ৰানৰ ইনিংছটো এতিয়াও সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ ৰেকৰ্ড হিচাপে অক্ষত থাকে। ২০১৩ চনত পুনে ৱাৰিৱৰ্ছৰ বিৰুদ্ধে RCBৰ হৈ ক্ৰিছ গেইলে খেলিছিল এই দুৰ্দান্ত ইনিংছটো। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় T20ত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ ৰেকৰ্ড আছে প্ৰাক্তন অষ্ট্ৰেলিয়ান অধিনায়ক আৰন ফিন্সৰ নামত। আৰন ফিন্সে ২০১৮ত জিম্বাবুৱেৰ বিৰুদ্ধে ৭৬টা বলত খেলিছিল ১৭২ ৰানৰ এই ইনিংছটো।

নমন ধীৰৰ এই ধুমুহা ইনিংছৰ ফলতে অমৃতসৰ সূৰমাছে ২০ অভাৰত ৭ উইকেটত ২৭৯ ৰান সংগ্ৰহ কৰে। অৰ্থাৎ মোহালী কিংছৰ সন্মুখত জয়ৰ বাবে ২৮০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ হয়। নমন ধীৰৰ এই ইনিংছ কেৱল এটা ব্যক্তিগত অভিলেখ নহয়; ই তেওঁৰ বেটিং ক্ষমতাৰ এক শক্তিশালী নিদৰ্শনো। বিশেষকৈ অ’পেনাৰ হিচাপে সুযোগ লাভ কৰি তেওঁ যি ধৰণেৰে ইনিংছটো গঢ়ি তুলিলে, সেয়া আগন্তুক সময়ত তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
Next Post
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.