লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বোম্বাই উচ্চ ন্যায়ালয়ত এক বৃহৎ আইনী বিপৰ্যয়ৰ সন্মুখীন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি তেওঁৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক মানহানিৰ গোচৰত নিম্ন আদালতে জাৰি কৰা চমন বাতিল কৰিবলৈ ৰাহুল গান্ধীয়ে কৰা আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে।
২০১৮ চনত ৰাজস্থানত অনুষ্ঠিত এখন ৰাজনৈতিক সভাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি ‘চোৰ সেনাপতি’ আৰু ‘চোৰৰ মুখীয়াল’ আদি শব্দ ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছিল। এই মন্তব্যক লৈ বিজেপিৰ কৰ্মী মহেশ শ্ৰীমলে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। অভিযোগকাৰীৰ মতে, ৰাহুল গান্ধীৰ এই বক্তব্য কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নহয়, সমগ্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু দলটোৰ কৰ্মীসকলৰ ভাবমূৰ্তিৰ বাবেও অপমানজনক আছিল। এই অভিযোগৰ ভিত্তিত নিম্ন আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে চমন জাৰি কৰিছিল।
উচ্চ ন্যায়ালয়ত কি যুক্তি দিছিল ৰাহুল গান্ধীয়ে?
নিম্ন আদালতৰ চমনক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে বোম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। তেওঁৰ পক্ষৰ যুক্তি আছিল যে ভাষণটোত তেওঁ কোনো ব্যক্তিৰ নাম স্পষ্টভাৱে উল্লেখ কৰা নাছিল। লগতে কোনো নিৰ্দিষ্ট বা চিনাক্ত কৰিব পৰা গোটৰ নামো তেওঁ উল্লেখ কৰা নাছিল। সেয়েহে তেওঁৰ বক্তব্যৰ ভিত্তিত অপৰাধমূলক মানহানিৰ গোচৰ চলোৱা উচিত নহয় বুলি ৰাহুল গান্ধীৰ পক্ষই যুক্তি দিছিল। কিন্তু উচ্চ ন্যায়ালয়ে এই যুক্তি গ্ৰহণ নকৰিলে। আদালতে ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বুলি উল্লেখ কৰি অভিযোগটোৰ আইনী দিশত ৰাহুল গান্ধীৰ আবেদন খাৰিজ কৰে। ফলত নিম্ন আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক মানহানিৰ গোচৰ অব্যাহত থাকিব।
ভীৱণ্ডীতো ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ
মহাৰাষ্ট্ৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে চলি থকা আইনী প্ৰক্ৰিয়া এইটোৱেই একমাত্ৰ নহয়। থানে জিলাৰ ভীৱণ্ডী আদালতো তেওঁৰ বিৰুদ্ধে আন এটা অপৰাধমূলক মানহানিৰ গোচৰ চলি আছে। এই গোচৰটো স্থানীয় RSS কৰ্মী ৰাজেশ কুন্তে দাখিল কৰিছিল। ২০১৪ চনৰ এটা নিৰ্বাচনী ভাষণত ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীৰ হ*ত্যাকাণ্ডৰ সৈতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা RSS জড়িত আছিল বুলি মন্তব্য কৰা বুলি অভিযোগ আছে। এই মন্তব্যক লৈ ৰাজেশ কুন্তে গোচৰ ৰুজু কৰি দাবী কৰে যে ৰাহুল গান্ধীৰ বক্তব্যই RSSৰ ভাবমূৰ্তি আৰু বিশ্বাসযোগ্যতাৰ ক্ষতি কৰিছে। এই গোচৰটো বৰ্তমান ভীৱণ্ডী আদালতত চলি আছে আৰু ইয়াৰ ন্যায়িক প্ৰক্ৰিয়া অব্যাহত আছে। ৰাহুল গান্ধীৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ বিভিন্ন আদালতত চলি থকা এই মানহানিৰ গোচৰসমূহে তেওঁৰ বাবে একেলগে আইনী প্ৰত্যাহ্বান বৃদ্ধি কৰিছে। বিশেষকৈ বোম্বাই উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ আবেদন খাৰিজ কৰাৰ পিছত নিম্ন আদালতত চলি থকা গোচৰটো আগলৈও অব্যাহত থকাৰ পথ মুকলি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















