• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নংগেলী আৰু নীৰা….জীৱন্তে কাটি পেলাইছিল বক্ষ যুগল

নংগেলী আৰু নীৰা….জীৱন্তে কাটি পেলাইছিল বক্ষ যুগল

2 years ago
বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

16 minutes ago
বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান! বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

56 minutes ago
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

2 hours ago
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

2 hours ago
কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

3 hours ago
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

3 hours ago
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

4 hours ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

5 hours ago
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

5 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

6 hours ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

6 hours ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নংগেলী আৰু নীৰা….জীৱন্তে কাটি পেলাইছিল বক্ষ যুগল

editor by editor
March 16, 2024
in ভাৰত
0
নংগেলী আৰু নীৰা….জীৱন্তে কাটি পেলাইছিল বক্ষ যুগল
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নংগেলী আৰু নীৰা….জীৱন্তে কাটি পেলাইছিল বক্ষ যুগল

দেশৰ ইতিহাসত অশ্ৰুশিক্ত নয়নেৰে লিপিবন্ধ হৈ থকা দুই নাৰীৰ জীৱন কাহিনী। যাৰ জীৱন্তে কটা গৈছিল বক্ষ যুগল। এগৰাকীয়ে ৰজাৰ বিৰুদ্ধে গৈ কৰ কাটল নিদিও বুলি হংকাৰ কৰি নিজেই কাটি পেলাইছিল বক্ষ যুগল। আন এগৰাকীয়ে দেশ ৰক্ষাৰ বাবে ইংৰাজৰ হাতত হেৰুৱাইছিল বক্ষ।

সেই দুই মহান নাৰীক আজিয়ো মনত কৰি অশ্ৰু নিগৰাই বহুজনে। সেই দুই নাৰীৰ এগৰাকী হৈছে নংগেলী আনগৰাকী নীৰা আৰ্যা। নংগেলীৰ নামত দক্ষিণৰ এখন গাঁৱত এতিয়া এক প্ৰতিমূৰ্তিয়ো আছে, য’ত সেৱা আগবঢ়াই মহিলাই।

নংগেলী দক্ষিণ ভাৰতৰ এক পিছপৰা গাঁৱৰ অতিকে পিছপৰা জনজাতিৰ মহিলা আছিল। সেই সময়ত ৰাজ বংশীয় লগতে উচ্চ বংশীয় মহিলাই হে কেৱল শৰীৰৰ ওপৰৰ অংশ ঢাকিব পৰা ক্ষমতা তথা অধিকাৰ আছিল। তাৰ বাদে অন্য মহিলাই কেৱল শৰীৰৰ নিম্নাংশ ঢাকিব পাৰিছিল। তাৰ বাদে না বক্ষ ঢাকিব পাৰিছিল না ভৰিত কোনো চেণ্ডল পৰিধান কৰিব পাৰিছিল। তেনে কৰিলেই সেই মহিলাক ৰজাৰ লোকে শাস্তি প্ৰদান কৰাৰ বিধান আছিল। নাইবা তাৰ বাবদ ৰজাক দিব লাগিছিল কৰ।

পাছে সেই সকলোবোৰৰ মাজতে অভিন্ন আছিল নংগেলী। শৰীৰৰ ওপৰ অংশৰ লাজ নিবাৰণৰ বাবে নংগেলীয়ে কাপোৰ এখন মেৰিয়াই লৈছিল। যি আছিল নংগেলীৰ প্ৰধান অপৰাধ। কিয়নো তাৰ বাবদ নংগেলীয়ে ৰজাক কোনো কৰ দিয়া নাছিল।

নংগেলীৰ কথা আছিল, শৰীৰৰ লাজ নিবাৰনৰ বাবে কাপোৰ পৰিধান কৰা সকলো পুৰুষ-মহিলাৰেই অধিকাৰ , তাত কোনেও মাত মাতিব নোৱাৰে। পাছে ৰজাই নংগেলীৰ কথাত মান্তি নহৈ জোৰকৈ কৰ আদায়ৰ বাবে মানুহ পঠিয়াই দিয়ে। নংগেলীয়েও ঘৰত সেই কৰৰ বাবে যুগুতোৱাই থোৱা টকা আছে বুলি কেউগৰাকীকে ঘৰলৈ আনে। পাছত নংগেলীয়ে ভিতৰলৈ গৈ দা আনি ৰজাৰ মানুহ আৰু সকলো গাঁৱৰ মানুহৰ সমুখতেই সকলো সমস্যাৰ কাৰণ নিজৰ বক্ষ যুগলকে কাটি কৰ হিচাপে কলপাতত তুলি দিয়ে। সেই তেতিয়াৰ পৰাই ৰজাই বক্ষ ঢকাৰ নামত সংগ্ৰহ কৰা কৰ উঠাই দিয়ে।

আনহাতে আন এগৰাকী নাৰী হৈছে নীৰা আৰ্যা। নেতাজী সুভাষ চন্দ্ৰ বোসৰ সৈতে আজাদ হিন্দ ফৌজত যোগ দি দেশ স্বাধীন কৰাৰ যুঁজত নামি পৰা নীৰা আছিল নেতাজীৰ দলৰ মহিলা সকলৰ মুখ্য নেত্ৰী। সকলো মহিলা স্বাধীনতা যুঁজাৰুক নেতৃত্ব দিছিল নীৰা আৰ্যাই।

পাছে ইংৰাজে এবাৰ নেতাজীক প্ৰাণে মৰাৰ বাবে কৌশল ৰচনা কৰে। তাতে আকৌ ইংৰাজৰ হৈ অনুসন্ধান বিষয়া হিচাপে কাম কৰিছিল নীৰাৰ স্বামীয়ে। নেতাজীক মৰাৰ বাবে ইংৰাজে যি দল গঠন কৰিছিল সেই দলত আছিল নীৰাৰ স্বামীয়ো।

এবাৰ দলটোৱে নেতাজীক আগুৰি ধৰি গুলি কৰোতো নেতাজীৰ বাহন চালকৰ গাত লাগিছিল সেই গুলি। নীৰাও আছিল সেই স্থানতে। সুযোগ বুজি নীৰাৰ স্বামীয়ে নেতাজীক গুলি কৰিব লওতেই নীৰাই জপতিয়াই ধৰি কোনোমতে নেতাজীৰ প্ৰাণ ৰক্ষা কৰি সেই স্থানৰ পৰা পলাই যোৱাত সহায় কৰি দিয়ে।

পাছে ইংৰাজে নীৰাক আটক কৰি ধৰি লৈ যায় আৰু নেতাজীৰ ঠিকনা জানিবৰ বাবে অকথ্য নিৰ্যাতন চলাই। পাছলৈ অত্যাচাৰৰ সীমা চেৰাই গৈ থাকে। তথাপি দেশৰ হকে যুঁজ দি থকা নীৰাই ইংৰাজক ভুলতো জানিব নিদিয়ে নেতাজীৰ ঠিকনা। যাৰ পৰিণতিত শেষত ইংৰাজে জীৱন্ত অৱস্থাতে নীৰাৰ বক্ষ যুগল কাটি পেলাই। কিন্তু ইমানৰ পাছতো মুখ বন্ধ কৰি ৰাখে নীৰা আৰ্যাই।

সেই দুই মহান নাৰী আজি দেশৰ কোটি কোটি মহিলাৰ সন্মান তথা আদৰ্শৰ প্ৰতীক। শৰীৰৰ অংগ হেৰুৱাইয়ো নিজৰ স্থিতিত অটল থকা সেই দুই মহিলাক প্ৰণাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian WomenNageliNeera AryaPride Women
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?
ভাৰত

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

May 4, 2026
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি
ৰাজনীতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

May 4, 2026
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?
ভাৰত

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

May 4, 2026
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়
জীৱনশৈলী

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

May 3, 2026
Next Post
বৰপেটাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা, শৌচালয়ৰ টেংকিত উদ্ধাৰ…

বৰপেটাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা, শৌচালয়ৰ টেংকিত উদ্ধাৰ...

বিয়াত নিয়ম ভাঙিলে দৰা পুলকিতে, এনে এক কাম কৰিলে দেখি সকলো স্তম্ভিত

বিয়াত নিয়ম ভাঙিলে দৰা পুলকিতে, এনে এক কাম কৰিলে দেখি সকলো স্তম্ভিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.