বিয়াত নিয়ম ভাঙিলে দৰা পুলকিতে, এনে এক কাম কৰিলে দেখি সকলো স্তম্ভিত
বলীউডৰ ফুকৰে খ্যাত অভিনেতা পুলকিত সম্ৰাতৰ বিবাহ সম্পন্ন। অতিকে সুন্দৰ দেখা হৈছিল দৰা পুলকিত (Pulkit Samrat) আৰু কইনা কৃতি খাৰবান্দা (Kriti Kharbanda)ক। সেই বিবাহ অনুস্থানতে পুলকিতে ভংগ কৰিলে এক নিয়ম।
১৫ মাৰ্চ তাৰিখে দ্বিতীয় বিবাহ সম্পন্ন হয় পুলকিতৰ। প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ দি এইবাৰ বলীউডৰে অভিনেত্ৰী কৃতিৰ সৈতে বিবাহত বহে পুলকিত। পৰিয়াল আৰু কিছু সংখ্যক বন্ধুবৰ্গৰ মাজতে সম্পন্ন হয় দুয়োৰে বিবাহ।
বিবাহৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দৰা কইনাৰ ফটো। ফটো দেখাৰ পাছতে দৰাই বিয়াত নিয়ম ভঙা বুলি সকলোৱে দেখা পায়।
সদাই চলি অহা নিয়মৰ বিপৰীতে গৈ এইবাৰ দৰা পুলকিতে নিজৰ শ্বেৰৱানীত এম্ব্ৰোডেইৰী কৰোৱাই গায়ত্ৰী মন্ত্ৰ। শ্বেৰৱানীটোৰ সকলোফালে গায়ত্ৰীমন্ত্ৰ দেখো পোৱা যায়।
এতিয়ালৈকে কেৱল কইনাৰহে দোপাত্তা বা লেহেংগাত এনে ধৰণৰ কিবা লিখা থকা দেখা পোৱা গৈছিল। এইবাৰ প্ৰথম কোনো অভিনেতাক এনেদৰে সাজত দেখা পোৱা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ