অসম লাইভ২৪ঃ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’লে কোন আগবাঢ়িব মোদী নে ৰাহুল গান্ধী। সংবাদ মাধ্যমে চলোৱা সমীক্ষাত পোহৰলৈ আহিছে তথ্য। বৰ্তমান সময়ত যদি লোকসভা নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে বিজেপিয়েই লাভ কৰিব দেশৰ ২৮৪ খন আসন। তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব ১৯১ জন। জনপ্ৰিয়তাৰে বৰ্তমানো আগুৱাই আছে নৰেন্দ্ৰ মোদীয়েই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে চলোৱা সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। চলিত বছৰত কৰ্ণাটক, ৰাজস্থান, মধ্যপ্ৰদেশসহ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনো। উল্লেখ্য যে লোকসভাৰ মেজিক নম্বৰ হৈছে ২৭২। ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩০৩ খন আসন লাভ কৰিছিল। ২০১৯ চনত কংগ্ৰেছে লাভ কৰিছিল ৫২ খন আসন।
দেশৰ জনসাধাৰণৰ মাজত এতিয়াও প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা আছে। প্ৰধানমন্ত্ৰীৰ কামকাজক এতিয়াও প্ৰশংসা কৰে দেশৰ বহুসংখ্যক লোকে। মোদীৰ কৰ্মত সন্তুষ্ঠ ৭২ শতাংশ মানুহেই। সমীক্ষাত প্ৰকাশ পোৱা মতে মহামাৰী আৰু মুদ্ৰাস্ফীতি হোৱা সত্বেও মোদী চৰকাৰৰ ওপৰত কোনো প্রভাৱ পৰা নাই। ৬৭ শতাংশ মানুহেই কেন্দ্ৰীয় চৰকাৰৰ কামকাজত সন্তুষ্ট। সমীক্ষাত প্ৰকাশ পোৱা মতে ২০২২ বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰৰ প্ৰতি অসন্তুষ প্ৰকাশ কৰা লোকৰ সংখ্যা আছিল প্ৰায় ৩৭ শতাংশ। চলিত বছৰত এই সংখ্যা কমি হৈছেগৈ ১৮ শতাংশ। কৰ’না মোকাবিলা মোদী চৰকাৰৰ সকলোতকৈ ডাঙৰ সাফল্য বুলি জনতাই স্বীকাৰ কৰিছে। ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে ১২ শতাংশ মানুহেই কৃতিত্ব স্বীকাৰ কৰিছে কেন্দ্ৰৰ।
মোদী চৰকাৰৰ ব্যৰ্থতাৰ প্ৰসংগক লৈয়ো সমীক্ষাত প্ৰকাশ পাইছে তথ্য। দেশৰ মুদ্ৰাস্ফিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে মোদী চৰকাৰ। মোদীৰ এই কাৰ্যকলাপৰ বাবে অসন্তুষ্ঠ ২৫ শতাংশ লোক। নিবনুৱাৰ সংখ্যাও দৈনিক বৃদ্ধি পাইছে। নিবনুৱাৰ সংখ্যা বৃদ্ধিক লৈ অসন্তুষ্ট ১৭ শতাংশ লোক। কৰ’না মোকাবিলাত মোদী ব্যৰ্থ হোৱা বুলি অসন্তুষ্ট ৮ শতাংশ মানুহ।
ইপিনে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক লৈ কৰা সমীক্ষাত পোহৰলৈ আহিছে তথ্য। ভাৰত জোড়ো যাত্ৰাক লৈ কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে ৩৭ শতাংশ মানুহ। সংবাদমাধ্যমৰ মুঠ ১ লাখ ৪০ হাজাৰ ৯১৭ জন মানুহৰ মাজত চলোৱা হৈছিল এই সমীক্ষা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ