খ্ৰীষ্টমাছৰ পূৰ্বে সাৱধান, নাছাই কৰিলে সদৰি- পৃথিৱীৰ দিশে আহি আছে সংকট !
খ্ৰীষ্টমাছৰ পূৰ্ব পৃথিৱীৰ দিশে আগবাঢ়িছে সংকট। নাছাৰ ফালৰ পৰা সদৰি এই তথ্য। ঘণ্টাত ১৪৭৪৩ কিলোমিটাৰ বেগত পৃথিৱীৰ দিশে আহি আছে এক প্ৰকাণ্ড ধুমকেতু।
বৰদিনৰ ঠিক পূৰ্বে ২৪ ডিচেম্বৰত মহাকাশত এক বিৰল জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা সংঘটিত হ’ব। আমেৰিকাৰ মহাকাশ সংস্থা নাছাই আন এক গ্ৰহাণুৰ সতৰ্কতা প্ৰদান কৰিছে। বিজ্ঞানীসকলৰ মতে, পৃথিৱীৰ চাৰিওফালে ১২০ ফুট উচ্চতাৰ এটা গ্ৰহাণু উৰি আছে। এইটো এটা বিমানৰ সমান ডাঙৰ, যিটো পৃথিৱীৰ একেবাৰে ওচৰেৰে পাৰ হ’বলৈ গৈ আছে। মহাকাশ বিজ্ঞানীসকলে এই গ্ৰহাণুটোৰ নাম ২০২৪ XN1 ৰাখিছে।
এই গ্ৰহাণুটোৱে ঘণ্টাত ১৪৭৪৩ মাইল বেগত পৃথিৱীৰ ফালে গতি কৰিছে। ই পৃথিৱীৰ পৰা ৪৪৮০০০ মাইল দূৰত্বত পাৰ হ’ব আৰু এই দূৰত্ব পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বতকৈ ১৬ গুণ বেছি।
যদিও এই গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা কম, গতিকে ভয় কৰিবলগীয়া একো নাই, কিন্তু সৌৰ ধুমুহা আহিলে ইয়াৰ দিশ সলনি হ’ব পাৰে। এনে পৰিস্থিতিত ই পৃথিৱীৰ লগত সংঘৰ্ষ হ’ব পাৰে। সেয়েহে বিজ্ঞানীসকলে এই গ্ৰহাণুটোৰ ওপৰত অহৰহ চকু ৰাখিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিজ্ঞানীসকলে আশংকা কৰিছে যে পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱা পৰৱৰ্তী ৫টা গ্ৰহাণুৰ ভিতৰত ২০২৪ XN1 নামৰ গ্ৰহাণুটোৱেই আটাইতকৈ ডাঙৰ। তথাপিও নাছাই কৈছে যে ইয়াৰ পৰা কোনো বিপদ নাই।
নাছাৰ এষ্টেৰয়ড ৱাচ ডেচব’ৰ্ডে এনেবোৰ কথা অনুসৰণ কৰে। নাছাৰ এই ডেচব’ৰ্ডত সেই সকলোবোৰ গ্ৰহাণু আৰু উল্কাপিণ্ডৰ তথ্য দিয়া হৈছে যিবোৰ পৃথিৱীৰ ওচৰৰ পৰা পাৰ হৈ যায় বা পৃথিৱীৰ সৈতে সংঘৰ্ষ হোৱাৰ সম্ভাৱনা থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ