অসম লাইভ২৪ঃ ব্ৰহ্মাণ্ডৰ অন্য কৰোবাত প্ৰাণৰ অস্তিত্ব আছে নেকি? এই প্ৰশ্নৰ উত্তৰ বিচাৰিয়েই যুগ যুগ ধৰি গৱেষণা চলাই আছে বিভিন্ন দেশৰ বিজ্ঞানীয়ে। বিজ্ঞানীলৈ বহু সাধাৰণ জনতাৰেই প্ৰশ্ন আছে, প্ৰাণৰ অস্তিত্ব মহাবিশ্বৰ কৰোবাত লাভ কৰিছেনে বিজ্ঞানীয়ে? বিজ্ঞানীয়ে কিন্তু হাৰ মনা নাই। তেওঁলোক আশাবাদী। অদূৰ ভৱিষ্যতে নিশ্চয় ব্ৰহ্মাণ্ডত জীৱৰ সন্ধান পোৱা যাব।
বৃহস্পতি গ্ৰহতো বিশেষ গৱেষণা চলাইছে এদল বিজ্ঞানীয়ে। বৰফে ঢকা এই গ্ৰহত প্ৰাণী আছে নেকি? আৰু যদি প্ৰাণী নাই কিয় নাই? নাছাৰ জেমছ ৱেব স্পেছ টেলিস্কোপে সম্প্ৰতি সৌৰজগতৰ বাহিৰত এটা বিশেষ গ্ৰহত জীৱনৰ অস্তিত্ব সম্পৰ্কে বিশেষ ইংগিত দিছে। পৃথিৱীৰ বাহিৰত প্ৰাণৰ সন্ধান কোনো দেশৰ বিজ্ঞানীয়ে লাভ কৰিলে সেই দেশ মহাকাশ গৱেষণাত বিশেষভাৱে সফল হ’ব। নাছাই সেই প্ৰচেষ্টাৰেই প্ৰতিনিয়ত গৱেষণা অব্যাহত ৰাখিছে। নাছাৰ অত্যাধুনিক জেমছ ৱেব স্পেছ টেলিস্কোপক কাম লগাইছে বৃহস্পতি গ্ৰহৰ চন্দ্ৰ ‘ইউৰোপাৰ’ ৰহস্য উদঘাটনৰ বাবে।
ইউৰোপাৰ ওপৰত বিশেষভাৱে নজৰ ৰাখিছে নাছাৰ দলে। টেলিস্কোপৰ অত্যাধুনিক ইনফ্ৰাৰেড কেমেৰা ‘ইউৰোপাৰ’ কেইবাখনো উন্নতমানৰ ছবিও তুলিছে। এই ছবিত বৰফৰ আৱৰণৰ তলত জীৱ থকাৰ ইংগিত লাভ কৰিছে নাছাৰ দলে। নাছাৰ দলে এই তথ্য লাভ কৰাৰ পাছতেই গৱেষণা আৰু খৰতকীয়া কৰিছে। ছায়েন্স জাৰ্নেলত উল্লেখ কৰা অনুযায়ী ২১ ছেপ্টেম্বৰত এই গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে বিজ্ঞানীয়ে। এই গুৰুত্বপূৰ্ণ বৈজ্ঞানিক পৰীক্ষাসমূহৰ নেপথ্যত অৱদান আছে দুটা পৃথক টিমৰ।
উল্লেখ্য যে, বৃহস্পতিৰ চন্দ্ৰ ইউৰোপাত কাৰ্বন ডাই অক্সাইডৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে। ইউৰোপাত প্ৰচুৰ পৰিমানৰ কাৰ্বন-ডাই-অক্সাইড আছে। কাৰ্বন জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদানসমূহৰ মাজত এটা। জীৱ বাচি থাকিবৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত কাৰ্বন অন্যতম। বিশেষ বৈশিষ্ট্যৰ বাবে কাৰ্বনে বিভিন্ন ধৰণৰ বৃহৎ আৰু জটিল অনু গঠনত সহায় কৰে। ইউৰোপাত প্ৰাণৰ অস্তিত্ব আছেনে? যুগ যুগ ধৰি এই প্ৰশ্ন বিজ্ঞানীৰ মনত। প্ৰাণৰ অস্তিত্বৰ সম্ভাৱনাও প্ৰবল বুলি ধাৰণা কৰিছে বিজ্ঞানীয়ে। কঠিন বৰফৰ সমুদ্ৰৰ তলত অন্য এখন প্ৰাণী জগত থাকিব পাৰে বুলি অনুমান কৰিছে বিজ্ঞানীয়ে। বিপুল পৰিমানৰ বৰফৰ উপস্থিতিয়ে প্ৰাণৰ অস্তিত্ব আছেনে নাই বিষয়টোৰ ওপৰত সন্দেহো আনিছে।
কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিৰ বিষয়টোক লৈ অইন কেইবাটাও পৰীক্ষা-নিৰীক্ষা চলোৱাৰ প্ৰয়োজন। নাছাৰ বিজ্ঞানীয়ে জনোৱা অনুসৰি প্ৰাণৰ সন্ধান পাবলৈ কেৱল মাত্ৰ কাৰ্বনডাই অক্সাইড বিচাৰি পালেই নহ’ব। জীৱ জীয়াই থাকিব পৰা অইন উপাদানসমূহো থাকিব লাগিব। প্ৰাণৰ অস্তিত্ব নিৰ্ভৰ কৰে শক্তিৰ উৎস, জৈৱ পুষ্টি, জৈৱ অনুৰ ওপৰত। সেইসমূহৰ সন্ধান লাভ কৰিলেহে জীৱ থকা বিষয়টো স্পষ্ট হ’ব।
গৱেষকসকলে ইউৰোপাৰ ৰুক্ষ টাৰো ৰেজিঅ’ অঞ্চলৰ দিশটো নিৰীক্ষণ কৰি আছে। মূলত সেই স্থানক তেওঁলোকে নজৰত ৰখাৰ কেইবাটাও কাৰণো আছে। বৰফ আবৃত এই অঞ্চলত যথেষ্ট পৰিমাণৰ কাৰ্বনডাই অক্সাইডৰ ঘনত্ব নিশ্চিত কৰিছে নাছাই। বিজ্ঞানীৰ অনুমান যে, ইউৰোপাৰ গভীৰ বৰফৰ সমুদ্ৰৰ তলৰ পৰাই এই কাৰ্বনডাই অক্সাইড উৎপন্ন হৈছে। ইয়াৰ পূৰ্বে ইউৰোপাৰ বৰফৰ সমুদ্ৰত উৎপন্ন হয় লৱণো। এই লৱণৰ সন্ধান লাভ কৰিছে নাছাৰ টেলিস্কোপে। কিন্তু সকলোবোৰৰ মাজত বৃহস্পতিত প্ৰাণ আছেনে নাই সেই কথা স্পষ্ট নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ