কেজৰিৱালৰ দৰেই দশা হ’ব নেকি ছোনিয়া-ৰাহুলৰ, জোঁৱাই ৰবাৰ্টক ইতিমধ্যে EDৰ জেৰা
জে’ললৈ যাব পাৰে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। কেজৰিৱালৰ দৰেই দশা হ’ব পাৰে কংগ্ৰেছৰ শীৰ্ষ নেতা কেইগৰাকীৰ। ছোনিয়া আৰু ৰাহুলৰ লগতে অভাৰচিচ কংগ্ৰেছৰ সভাপতি ছেম পিট্ৰ’ডাৰো বিপদ বৃদ্ধি পাব পাৰে।
কাৰণ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে দিল্লীৰ ৰাউছ এভিনিউ আদালতত চাৰ্জশ্বীট দাখিল Enforcement Directorate, EDৰ। এই গোচৰত ভাৰতীয় জনতা পাৰ্টিৰ নেতা সুব্ৰমণিয়াম স্বামীয়ে ২০১২ চনত বিচাৰ আদালতত আবেদন দাখিল কৰিছিল।
PMLAৰ অধীনত চাৰ্জশ্বীট দাখিল কৰিছে EDএ। ছোনিয়া আৰু ৰাহুলৰ বিৰুদ্ধে PMLAৰ ৪৪ আৰু ৪৫ ধাৰাত চাৰ্জশ্বীট দাখিল।
পূৰ্বে অৰবিন্দ কেজৰিৱাল আৰু হেমন্ত সোৰেণসহ কেইবাজনো নেতাৰ বিৰুদ্ধে লাগিছিল PMLA. এইবাৰ কংগ্ৰেছৰ ছোনিয়া আৰু ৰাহুল গান্ধীকো কাৰাগাৰলৈ প্ৰেৰণৰ পৰিকল্পনা ইডিৰ।
নেশ্যনেল হেৰাল্ড গোচৰত তদন্তকাৰী সংস্থাৰ চাৰ্জশ্বীট দাখিল। বিশেষ আদালতত ২৫ এপ্ৰিলত হ’ব গোচৰটোৰ শুনানি।
উল্লেখ্য যে, ধাৰা- ৪৫ত হাৱালা গোচৰত জামিন লাভ কৰাটো খুবেই কঠিন। এই ধাৰাতেই জে’ললৈ গৈছিল কেজৰিৱাল, হেমন্ত সোৰেন আৰু মনিশ ছিছ’ডিয়া।
আনহাতে গান্ধী পৰিয়ালৰ জোঁৱাই ৰবাৰ্ট বাদ্ৰাক আজি দ্বিতীয়টো দিনৰ বাবে জেৰা ইডিৰ। গুৰুগ্ৰামৰ ভূমি চুক্তিৰ গোচৰতো আজি ৰবাৰ্ট বাদ্ৰাক জেৰা। ইয়াৰ পূৰ্বে কালি ৱায়ানাদৰ সাংসদ প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট বাদ্ৰাক প্ৰায় ছয় ঘণ্টা ধৰি জেৰা কৰা হৈছিল।
আনপিনে ৰাহুল আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে EDয়ে চাৰ্জশ্বীট দাখিল কৰাক লৈ দেশজুৰি ক্ষোভ কংগ্ৰেছৰ। দেশৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ EDৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ। আৰক্ষীৰ বিশাল বাহিনী নেওচি উত্তাল প্ৰতিবাদ। প্ৰতিবাদত উপস্থিত ভূপেন বৰাসহ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ