ইতিহাস সৃষ্টি যুজবেন্দ্ৰ চহলৰ, গঢ়িলে অনন্য ৰেকৰ্ড
ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ লেগ স্পিনাৰ যুজবেন্দ্ৰ চহলে সৃষ্টি কৰিছে অনন্য ইতিহাসৰ। ইণ্ডিয়ান প্ৰিমিয়াৰ খেলত ইতিহাসত সৰ্বাধিক বাৰ এখন খেলত চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে চহল।
বিশ্বৰ অন্যান্য ক্ৰিকেটাৰৰ ভিতৰতো প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে। এটা ক্ষেত্ৰত চহলে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ যাদুকৰী স্পিনাৰ সুনীল নাৰিনৰ সমানে শীৰ্ষ স্থান দখল কৰিছে। ৩৬ বছৰীয়া নাৰিনে আই পি এলত ৮ বাৰ এখন মেচত চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। কালিৰ মেচ (১৫ এপ্ৰিল)ৰ পাছত এতিয়া চহলেও আই পি এলৰ এখন খেলত চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰাৰ কৃতিত্ব ৮ বাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
আই পি এলত সৰ্বাধিক চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰা বলাৰ
৮ – যুজবেন্দ্ৰ চহল – ভাৰত
৮ – সুনীল নাৰিন – ৱেষ্ট ইণ্ডিজ
৭ – লাছিথ মালিংগা – শ্ৰীলংকা
৬ – কাগিছো ৰাবাদা – দক্ষিণ আফ্ৰিকা
৫ – অমিত মিশ্ৰ – ভাৰত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ