অসম লাইভ২৪ঃ অক্টোবৰৰ তৃতীয় সপ্তাহৰ পৰা আৰম্ভ হৈছে দেৱীপক্ষ। এই সপ্তাহৰ শেষতেই আৰম্ভ হ’ব দুৰ্গা পূজা। এই সপ্তাহতেই নিজৰ ৰাশি পৰিবৰ্তন কৰিব সূৰ্যই। কন্যা ৰাশি ত্যাগ কৰি তুলাত গোচৰ কৰিব সূৰ্যই। চলিত সপ্তাহত কেৰিয়াৰ আৰু টকা পইছাৰ দিশৰ পৰা ভাগ্য খুলিব কোন কোন ৰাশিৰ?
মেষ ৰাশি
অৰ্থৰ আগমন হ’ব। আৰ্থিক বিষয়ত অলপ বেছি পৰিশ্ৰম কৰিব লাগিব। এই সপ্তাহত কৰা ব্যৱসায়িক ভ্ৰমণে আপোনাৰ বাবে শুভ ফল কঢ়িয়াই আনিব। এই সপ্তাহত কৰ্মক্ষেত্ৰত সমস্যা বাঢ়িব পাৰে। যিকোনো প্ৰকল্প হাতত ল’লে ধীৰ গতিত সম্পন্ন হ’ব।
আৰ্থিকভাৱে শুভ দিন হৈছে ১৫, ১৬ আৰু ১৭
বৃষ ৰাশি
কৰ্মক্ষেত্ৰত ইগৰ বাবে সংঘৰ্ষ হ’ব পাৰে। কোনো প্ৰকল্পত ব্যৰ্থতা বাঢ়িব পাৰে। অৰ্থনৈতিক বিষয়ত দিয়া প্ৰতিশ্ৰুতি এই সপ্তাহত পূৰণ হ’ব। এই সপ্তাহত ব্যৱসায়িক ভ্ৰমণ এৰাই চলা ভাল। আৰ্থিকভাৱে শুভ দিন ১৯, ২০ আৰু ২১।
মিথুন ৰাশি
অৰ্থলাভৰ ইংগিত। কৰ্মক্ষেত্ৰত উন্নতি দেখা যাব। কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ যোগ আছে। পৰিশ্ৰম কৰিলে ভৱিষ্যতে লাভবান হ’ব। আৰ্থিকভাৱে শুভ দিন ১৫, ১৭ আৰু ১৯।
কৰ্কট ৰাশি
এই সপ্তাহত আপোনাৰ আৰ্থিক অৱস্থাৰ ধীৰে ধীৰে উন্নতি হ’ব। বিনিয়োগৰ মাধ্যমত লাভ হ’ব। প্ৰত্যাশা কৰাতকৈ কম লাভ হ’ব। এই সপ্তাহত ব্যৱসায়িক ভ্ৰমণসমূহ এৰাই চলিলে ভাল। কৰ্মক্ষেত্ৰত আলোচনাৰ মাধ্যমেৰে সমাধানৰ চেষ্টা কৰক। আৰ্থিকভাৱে শুভ দিন ১৭, ১৮ আৰু ১৯।
সিংহ ৰাশি
আৰ্থিক লাভৰ বাবে শুভ পৰিস্থিত তৈয়াৰ হ’ব। বিনিয়োগৰ মাধ্যমেৰে শুভ ফল লাভ কৰিব। আপুনি যদি কৰ্মক্ষেত্ৰত আপোনাৰ মতামত প্ৰকাশ কৰে তেন্তে এই সময় আপোনাৰ বাবে ভাল। এই সপ্তাহত ব্যৱসায়িক ভ্ৰমণত উন্নতি হ’ব। আৰ্থিকভাৱে শুভ দিন ১৬, ১৭।
কন্যা ৰাশি
এই সপ্তাহত কৰ্মক্ষেত্ৰত আপোনাৰ মন আৱেগপ্ৰৱণ হৈ থকাৰ লগতে অস্থিৰতাও বাঢ়িব। অৰ্থনৈতিক ক্ষেত্ৰত ধীৰে ধীৰে উন্নতি হ’ব। এই সপ্তাহত ব্যৱসায়িক ভ্ৰমণ এৰাই চলাটো ভাল। সপ্তাহৰ শেষত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। আৰ্থিকভাৱে শুভ দিন ১৯ আৰু ২০।
তুলা ৰাশি
পৰিয়ালৰ সৈতে এই সপ্তাহত আনন্দদায়ক সময় কটাব। অফিচত আপোনাৰ কিছু প্ৰতিকূল সময়ৰ মুখামুখি হ’ব। ফলাফল প্ৰত্যাশাৰ বিপৰীত হ’ব। কৰ্মক্ষেত্ৰত অহংবোধৰ বাবে দ্বন্দ বাঢ়িব আৰু দুশ্চিন্তাও বাঢ়িব। আৰ্থিকভাৱে শুভ দিন হৈছে ১৯, ২০ আৰু ২১।
বৃশ্চিক ৰাশি
এই সপ্তাহত কৰ্মক্ষেত্ৰত আপোনাৰ মন আৱেগপ্ৰৱণ থাকিব লগতে অস্থিৰতাও বাঢ়িব। অৰ্থনৈতিক ক্ষেত্ৰত ধীৰে ধীৰে উন্নতি হ’ব। এই সপ্তাহত ব্যৱসায়িক ভ্ৰমণ এৰাই চলক। সপ্তাহৰ শেষত সুখ আৰু সমৃদ্ধি আহিব।আৰ্থিকভাৱে শুভ দিন ১৬,১৮ আৰু ১৯।
ধনু ৰাশি
কৰ্মক্ষেত্ৰত অগ্ৰগতি হ’ব। সপ্তাহৰ আৰম্ভণিতেই ভাল খবৰ লাভ কৰিব। আৰ্থিক বিষয়ত আপোনাৰ অসাবধানতাৰ বাবেই সমস্যা হ’ব পাৰে। সপ্তাহৰ শেষত সিদ্ধান্তত অটল থকাৰ বাবে ভাল খবৰ লাভ কৰিব। আৰ্থিকভাৱে শুভ দিন হৈছে ২০ আৰু ২১।
মকৰ ৰাশি
এই সপ্তাহত আৰ্থিকভাৱে লাভৰ যোগ আছে। আপুনি ভৱিষ্যতৰ কথা চিন্তা কৰি বৰ্তমান বিনিয়োগৰ প্ৰক্ৰিয়া পৰিবৰ্তন কৰিব পাৰে। এই সপ্তাহ ব্যৱসায়িক ভ্ৰমণৰ বাবে উপযুক্ত নহয়। সেয়ে এনে ভ্ৰমণ এৰাই চলক। আৰ্থিকভাৱে শুভ দিন হৈছে ১৮ আৰু ১৯।
কুম্ভ ৰাশি
পেছাগত ক্ষেত্ৰত পুৰণা প্ৰকল্পসমূহে আপোনাৰ বাবে শুভ ফল কঢ়িয়াই আনিব। আৰ্থিক লাভৰ বাবে আপু সৃজনীশীল কামৰ মাধ্যমেৰে অৰ্থ উপাৰ্জনৰ সুযোগ তৈয়াৰ হ’ব। সপ্তাহৰ শেষত কিছু পৰিমানে ভাল খবৰ লাভ কৰিব। আৰ্থিকভাৱে শুভ দিন হৈছে ১৭ আৰু ২০।
মীন ৰাশি
কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰু উদযাপনৰ বাবে শুভ এই সময়। অৰ্থনৈতিক বিষয়ত শুভ। আৰ্থিকভাৱে শুভ দিন ২০ আৰু ২১।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ