২৮ ছেপ্টেম্বৰ ২০২৫ দেওবাৰে মহাষষ্ঠীৰ পৰা আৰম্ভ হ’ব এই বছৰৰ দুৰ্গাপূজা৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এইবাৰৰ পূজাত বিশেষ শুভ যোগ৷ একাধিক ৰাজযোগৰ সৈতে ধনযোগ গঠিত হ’ব দুৰ্গাপূজাৰ সময়ত৷ পূজাৰ মাজত যি শুভ যোগ থাকিব, সেইসমূহ হৈছে বুধাদিত্য ৰাজযোগ, ধন যোগ, ভাদ্ৰ ৰাজযোগ, সাম যোগ আৰু বশিষ্ঠ যোগ৷ তুলা ৰাশিত চন্দ্ৰ আৰু মঙলৰ যুঁটিত গঠিত হব ধন যোগ৷ কন্যা ৰাশিত বুধ আৰু সূৰ্যৰ যুঁটিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ নিজৰ মূল ত্ৰিকোণ চিহ্ন কন্যাত অৱস্থান কৰি বুধ গঠন কৰিব ভাদ্ৰ ৰাজযোগ৷ এইসমূহ শুভ যোগৰ প্ৰভাৱত মহানৱমীৰ পূৰ্বেই প্ৰচুৰ অৰ্থলাভ হ’ব চাৰি ৰাশিৰ জাতকৰ৷ জানি থওক এই তালিকাত কোন কোন আছে?
বৃষ ৰাশি
বুধাদিত্য ৰাজযোগ আৰু ভাদ্ৰ ৰাজযোগৰ প্ৰভাৱ মহানৱমীৰ পূৰ্বেই আৰ্থিকভাৱে লাভৱান হব বৃষ ৰাশিৰ জাতক৷ মা দুৰ্গাৰ আশীৰ্বাদত কেৰিয়াৰত উন্নতি কৰাৰ সুবৰ্ণ সুযোগ পাব৷ নিজৰ কেৰিয়াৰৰ গ্ৰাফক উন্নতিৰ দিশলৈ লৈ যাব৷ সন্তান সংক্ৰান্তিয় সকলো দুৰ্ভাৱনা দূৰ হব৷
মিথুন ৰাশি
দুৰ্গাপূজাৰ মাজত দেৱী দুৰ্গাৰ কৃপা লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ ভাদ ৰাজযোগ আৰু ধন যোগৰ প্ৰভাৱত প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত বিলাসিতাৰ মাজত সময় কটাব আপুনি৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিস্থিতি উন্নত হব৷ অফিচত পদোন্নতিৰ যোগ আছে৷
কন্যা ৰাশি
বুধাদিত্য ৰাজযোগ আৰু ভাদ ৰাজযোগৰ প্ৰভাৱ একেলগে থাকিবহ ৰন্যা ৰশিত৷ দুটাকৈ ৰাজযোগৰ প্ৰভাৱত মহানৱমীৰ পূৰ্বে প্ৰচুৰ সৌভাগ্য লাভ কৰিব এই ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জ্ঞান বুদ্ধি বাঢ়িব৷ দেৱী দুৰ্গাৰ কৃপাত কিছু পজিটিভ পৰিবৰ্তন আহিব আপোনাৰ জীৱনত৷ সমাজত প্ৰতিপত্তি বাঢ়িব৷
তুলা ৰাশি
তুলা ৰাশিতেই মঙল আৰু চন্দ্ৰৰ যুঁটিত গঠিত হব ধন যোগ৷ এই সময়ত সমাজ আৰু কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ দেৱীৰ আশীৰ্বাদত নৱমীৰ মাজতে সম্পদ লাভ কৰাৰ সুযোগ পাব৷ আপোনাৰ মাজত নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ অফিচত আপোনাৰ কৰ্মদক্ষতাই সকলোৰে নজৰ কাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















