অসম লাইভ২৪ঃ খাদ্য অবিহনে আমি জীয়াই থাকিব নোৱাৰো। খাদ্যই শৰীৰক শক্তি যোগান ধৰে। কিন্তু আমাৰ খাদ্যভাষে কেতিয়াবা আমাৰ শৰীৰক প্ৰভাৱ পেলাই। পুৱাই আমি বহুতেই ব্ৰেকফাষ্ট গ্ৰহণ নকৰো। এই ব্ৰেকফাষ্ট নকৰাৰ ফলত শৰীৰত বহুকেইটা ৰোগে দেখা দিব পাৰে।
বহুসময় ধৰি খাদ্য গ্ৰহণ নকৰাকৈ থাকিলে চুলি সৰা, অনাহক খং উঠা আদি সমস্যাই দেখা দিয়ে। গৱেষণাত পোৱা তথ্য অনুসৰি বহুসময় ধৰি নোখোৱাকৈ থাকি শেষত গুৰু আহাৰ গ্ৰহণ কৰিলেও সেয়া শৰীৰৰ বাবে লাভজনক নহয়। গৱেষণাত প্ৰকাশ হোৱা অনুসৰি ব্ৰেকফাষ্ট নকৰিলে কাৰ্ডিঅমেটাবলিক সমস্যাই শৰীৰত গা কৰি উঠিব পাৰে। ইয়াৰোপৰি অৱেচিটি, ব্লাড প্ৰেছাৰ, লিপিড প্ৰফাইল, ডায়াবেটিছ, মেটাবলিক চিনড্ৰম আদি হ’ব পাৰে।
নিয়মিত ব্ৰেকফাষ্ট কৰিলে শৰীৰৰ লগতে মানসিক স্বাস্থ্যও ঠিকে থাকে। ব্ৰেকফাষ্টে বিপাক ক্ৰিয়া সঠিকভাৱে চলি ৰখাত সহায় কৰে। শৰীৰৰ ওজন ঠিক ৰখাত সহায় কৰাৰ ওপৰিও ডায়াবেটিছৰ আকাংক্ষা বহু পৰিমানে কমাই ৰাখে। আনহাতে ব্ৰেকফাষ্ট নকৰা ব্যক্তিৰ এছিডিটি, মূৰৰ বিষ, মাইগ্ৰেণ, ঋতুস্ৰাৱত বেমেজালি, ভিটামিন বি, ডি ৰ অভাৱ, প্ৰটিনৰ অভাৱ আদি ৰোগে দেখা দিব পাৰে।
উল্লেখ্য যে কোনো কৰ্মক্ষেত্ৰত জড়িত ব্যক্তিৰ বাবে ব্ৰেকফাষ্ট কৰাটো অত্যন্ত জৰুৰী। আনহাতে গৰ্ভৱতী মহিলাৰ বাবেও ব্ৰেকফাষ্ট অত্যন্ত জৰুৰী। শৰীৰত ক্ৰনিক ৰোগ থাকিলে ব্ৰেকফাষ্ট নকৰাকৈ থকাটো অত্যন্ত ক্ষতিকাৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















