অসম লাইভ ২৪ঃ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰৰ আজি জন্মদিন। আজি কণ্ঠশিল্পীগৰাকীয়ে উদযাপন কৰিছে তেওঁৰ ৩৩ সংখ্যক জন্মদিন। কণ্ঠশিল্পীগৰাকীৰ জন্মদিনৰ এই বিশেষ মুহূর্তত স্বামী ৰোহানপ্ৰীত সিঙে ছ’চিয়েল মিডিয়াত প’ষ্ট কৰিলে দুয়োৰে এখন সুন্দৰ ফটো। ফটোখনৰ কেপচনত এক প্ৰতিশ্ৰুতি দিলে ৰোহনপ্ৰীতে। পৃথিৱীৰ সকলো সুখ নেহাক দিয়াৰ প্ৰতিশ্ৰুতি দিলে স্বামীয়ে। লগতে ক’লে জীৱনৰ প্ৰতিটো মুহূর্তত মই নেহাক ভালপোৱা দিম। ৰোহনপ্ৰীতৰ এই প’ষ্ট ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। অনুৰাগীয়ে জন্মদিনৰ শুভেচ্ছাৰে ওপচাই পেলাইছে নেহাক। উল্লেখযোগ্য যে এয়াই হৈছে বিবাহৰ পাছত নেহাৰ প্ৰথম জন্মদিন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ