• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰুপ্ৰান্তত সেউজীয়া সপোন…পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?

মৰুপ্ৰান্তত সেউজীয়া সপোন…পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

8 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

9 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

10 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

11 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

11 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

12 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

12 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

13 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

14 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

14 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৰুপ্ৰান্তত সেউজীয়া সপোন…পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?

editor by editor
April 15, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
মৰুপ্ৰান্তত সেউজীয়া সপোন…পদে পদে বিপদ, ‘বাধা দিছে’ প্রকৃতিয়েও! কেনে হ’ব ভৱিষ্যতৰ এই চহৰ?
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি মই ভাৱিব নোৱাৰা এক কল্পনা৷ পানীৰ অভাৱ হ’ব বিশ্বত, মৰুভূমি অঞ্চল বাঢ়িব! এই বিষয়সমূহৰ বিষয়ে আলোচনা কৰি থাকোতেই এটা বিশেষ সপোন যেন লগা প্ৰকল্প আৰম্ভ কৰিছে ছৌদি আৰৱে৷ মৰুভূমিৰ মাজত সেউজীয়া এখন চহৰ অচিৰেই গঢ়ি তুলিব ছৌদি আৰৱে৷

ভৱিষ্যতৰ এই চহৰৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে৷ এই চহৰক লৈ পৰিকল্পনা কৰিছে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে৷ চহৰলৈ যোৱা পথো অতিকৈ সুন্দৰ হ’ব৷ সেউজীয়া পৰিবেশৰ মাজত গঢ়ি তোলা হ’ব চহৰলৈ যোৱা পথসমূহ৷ এই চহৰৰ নাম দিয়া হৈছে নিউ মুৰাব্বা৷ নিউ মুৰাব্বাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব দ্যা মুকাব৷ মুকাবৰ ভিতৰত সকলো এআইৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব৷

এই চহৰত আপুনি কল্পনা কৰিব পৰা প্ৰতিটো সুবিধাই আছে৷ চহৰখনত বহুলোকক নতুনকৈ সংস্থাপিত কৰা হ’ব৷ থাকিব বিশ্ববিদ্যালয়, হাস্পতালকে ধৰি প্ৰতিটো সুবিধা৷ ৩ লাখ ৩৪ হাজাৰ আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ সৃষ্টি হ’ব এই চহৰত৷ ৰিয়াডক বিশ্বৰ শীৰ্ষ ১০খন চহৰৰ ভিতৰত সন্নিবিষ্ট কৰাব এই চহৰে৷ ছায়েন্স ফিকছন ছবিত দেখাৰ দৰেকৈ প্ৰতিটো কথাই সঁচা হ’ব এই চহৰত৷ ২০৩০ ৰ ভিতৰত এই চহৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব৷ কিন্তু এই চহৰ সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত সৃষ্টি হৈছে কেইটামান সমস্য়াৰো।

ছৌদিৰ এই মায়াৱী নগৰীত বালিৰ মাজেৰেই বৈ যাব কৃত্ৰিম ঝৰ্ণা, সমূদ্ৰ পাহাৰ আদিও থাকিব। ছৌদিৰ যুৱৰাদ মহম্মদ বিন ছলমানৰ সপোনৰ এই প্ৰকল্পক লৈ এতিয়া কিছু সমস্যাও আহিছে। কাৰণ সেই স্থানত বাস কৰে প্ৰায় ৯০লাখ মানুহে।  এইসকল মানুহক উচ্ছেদ কৰি এই প্ৰকল্প  আৰম্ভ কৰাক লৈ সৰৱ হৈছে মানৱাধিকাৰ কৰ্মীসকল। প্ৰতিবাদত নামি পৰিছে একাংশ পৰিবেশকৰ্মীও।

এইসমূহ বাধাৰ ওপৰিও আহিছে আন কেইবাটাও বাধা। যাৰবাবে এই প্ৰকল্পৰ কাম আৰম্ভণিতে বন্ধ হৈ যোৱাৰো আশংকা কৰিছে একাংশই। বিজ্ঞানীয়ে জনোৱা অনুসৰি এই আধুনিক প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰযুক্তি এতিয়াও ইমান উন্নত নহয়। বিজ্ঞাপনৰ ভিডিঅ’ত দেখোৱা হৈছে যে এই জনপদত কোনো বাহন নচলিব। দূষণৰ মাত্ৰা হ’ব শূন্য। অথচ বাসিন্দাসকলে গন্তব্যস্থানত উপস্থিত হ’ব মাত্ৰ ৫মিনিটতে। বিজ্ঞানীৰ মতে এই আধুনিক প্ৰযুক্তি এতিয়াও বিশ্বত সম্ভৱপৰ হোৱা নাই।

বহুতৰে মত যে, ভাৱনাৰ সৈতে বাস্তৱৰ কোনো মিল নাই। ছৌদি প্ৰশাসনৰ তৰফৰ পৰা দাবী কৰা হৈছে যে দূৰ দূৰণিলৈকে পাৰ নথকা মৰুভূমিৰ মাজতেই এই প্ৰকল্প তৈয়াৰৰ সপোন দেখিছে যুৱৰাজ মহম্মদ বিন ছলমানে। কিন্তু বাস্তৱৰ ছবি ইয়াত ভিন্ন। য’ত এই প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হৈছে সেই স্থানত বাস কৰে হুৱাইতাত জনজাতিৰ লোকে। এই প্ৰকল্পৰ বাবেই বলপূৰ্বকভাৱে প্ৰশাসনে জোৰ কৰি এইসকল লোকক আঁতৰাই দিছে। এই স্থানত যুৱৰাজৰ নিৰ্দেশত চলা উচ্ছেদৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে জনজাতীয় লোকসকল। প্ৰশাসনো ইতিমধ্যে কঠোৰ হৈ পৰিছে। এই প্ৰতিবাদী মিছিলত এজন প্ৰতিবাদীৰ মৃত্যুও হৈছে। এই বিষয়টোক লৈ ক্ষোভিত হৈ পৰিছে মানৱাধিকাৰ কৰ্মীসকল।

এই স্থানত এতিয়া ৰাষ্ট্ৰৰ কাঢ়া নজৰদাৰি চলিছে। আনহাতে থাকিব চি চি কেমেৰাও। একাংশৰ দাবী, ইয়াৰ ফলত বাসিন্দাসকলৰ ব্যক্তিগত অধিকাৰ লঞ্চিত হ’ব পাৰে। উন্নত প্ৰযুক্তিৰ কাৰণে তেওঁলোকৰ ব্যক্তিগত তথ্য়ও ৰাষ্ট্ৰৰ ওচৰত ফাঁচ হ’ব পাৰে। পৰিবেশবিদসকলে এই প্ৰকল্পক লৈ ইতিমধ্যেই ক্ষোভপ্ৰকাশ কৰিছে। তেওঁলোকৰ অভিযোগ, এই প্ৰকল্পই স্থানীয় বাস্তুতন্ত্ৰক ক্ষতিগ্ৰস্থ কৰিব পাৰে। মৰুভূমিৰ এই এলেকাত বহু পৰিভ্ৰমী চৰাইয়ো আহে।

ৰিপৰ্ট অনুসৰি প্ৰতি বছৰে শৰৎকালত ইউৰোপৰ পৰা আফ্ৰিকালৈ যায় প্ৰায় ১০০ প্ৰজাতিৰ ২১০ কোটি পৰিভ্ৰমী চৰাই। ছৌদিৰ তাবুক অঞ্চলেৰে আফ্ৰিকালৈ যায় এইসমূহ চলাই। যদি ছৌদিত এই প্ৰকল্প তৈয়াৰ হয় তেন্তে পক্ষীসমূহৰ যাত্ৰাপথত বাধা আহিব। বহু মহলীয়া অট্টালিকাত খুন্দা খাই মৃত্যু পৰ্যন্ত হ’ব পাৰে চৰাইসমূহৰ।

ইফালে এই প্ৰকল্পৰ সপক্ষে যুক্তি দাঙি ধৰি ছৌদি প্ৰশাসনৰ দাবী, এই প্ৰকল্পৰ পৰা কাৰ্বণ নিঃসৰণ একেবাৰে শূণ্য হ’ব। বিজ্ঞানীয়ে দাবী কৰা মতে আজিৰ পৃথিৱীত এই প্ৰকল্প সম্ভৱপৰ হ’ব নোৱাৰে। এই বিশাল প্ৰকল্প তৈয়াৰ কৰাৰ সময়তেই প্ৰচূৰ কাৰ্বণ নিঃসৰণ হ’ব। এই প্ৰকল্প নিৰ্মাণৰ সময়তেই ১৮০ কোটি টন কাৰ্বন-ডাই-অক্সাইড নিঃসৃত হ’ব পাৰে। যিয়ে প্ৰকৃতিৰ যথেষ্ট ক্ষতি কৰিব।

এনে প্ৰকল্প প্ৰায় ফ্লপে হৈছে। মহম্মদ বিন ছলমানৰ পূৰ্বে এনে প্ৰকল্প হাতত লৈছিল কিং আব্দুল্লাই। ইকনমিক চিটি নিৰ্মাণৰ সিদ্ধান্ত। তাত ২০ লাখ মানুহে অনায়াসে বসবাস কৰিব পাৰিব বুলিও তেওঁ দাবী কৰিছিল। জেদ্দা চহৰৰ জেদ্দা টাৱাৰেই আছিল পৃথিৱীৰ উচ্চতম এলেকা। সেয়া এতিয়া পৰিত্যক্ত হৈ পৰি আছে। নিওম নামৰ এই প্ৰকল্পক লৈয়ো একেই আশংকা কৰিছে বিজ্ঞানীয়ে। অৱশ্যে যুৱৰাজ নাচোৰবান্দা। তেওঁ জনোৱা অনুসৰি এই বছৰৰ শেষত জনপদৰ কিছু অংশ বসবাসৰ উপযোগী হৈ উঠিব। ১৪ হাজাৰ ২০০ বৰ্গমাইল জুৰি গঢ়ি উঠিব সেই আধুনিক চহৰ। তাৰ মাজত থাকিব ১২ টা প্ৰকল্প।

যুৱৰাজে নিৰ্মাণ কৰি থকা নিওমত কি নাই? দ্বীপ, বিলাসবহুল ৰিজৰ্ট, পাহাৰ, বিলাসী হোটেল, হাব ইত্যাদি ইত্যাদি। ইয়াৰ ফলত দেশলৈ পৰ্যটক অহাৰ সংখ্য়া বাঢ়িব। অৰ্থনীতি মজবুত হ’ব। ৰিপৰ্ট অনুসৰি প্ৰকল্পত খৰচ ৫০,০০০ কোটি ডলাৰৰ পৰা এক লাখ কোটি ডলাৰ হ’ব পাৰে। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ৪১ লাখ কোটি টকাৰ পৰা ৮২লাখ কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
Next Post
মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

ৰাম নৱমীত VIP দৰ্শন নহ’ব! ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডুৰ ব্যৱস্থা, কেৱল ৰামনৱমীৰ দিনটোতেই ৪ মিনিটৰ বাবে সূৰ্যই তিলক দিব ৰামলালাক, কিন্তু কেনেকৈ?

ৰাম নৱমীত VIP দৰ্শন নহ’ব! ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডুৰ ব্যৱস্থা, কেৱল ৰামনৱমীৰ দিনটোতেই ৪ মিনিটৰ বাবে সূৰ্যই তিলক দিব ৰামলালাক, কিন্তু কেনেকৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.