অসম লাইভ২৪ঃ ১৭ এপ্ৰিলত ৰাম নৱমী। অযোধ্যাত এতিয়া ৰাম নৱমীৰ বাবে জোৰদাৰ প্ৰস্তুতি চলিছে। সজাই পৰাই তোলা হৈছে ৰাম নগৰী অযোধ্যাক। সৰযূ নদীৰ পাৰৰ ৰাম মন্দিৰতো চলিছে ৰাম নৱমীৰ প্ৰস্তুতি। ৰাম মন্দিৰ নিৰ্মাণৰ পাছত প্ৰথমবাৰৰ বাবে সেই মন্দিৰত ৰামনৱমী পালন কৰা হ’ব।
অযোধ্যাত ৰাম নৱমী উপলক্ষ্যে লাখ লাখ ভক্তই ভিৰ কৰাৰ সম্ভাৱনীয়তা দেখিয়েই পূৰ্বৰে পৰাই সষ্টম হৈছে প্ৰশাসন। ৰাম নৱমীৰ বাবে ১৭এপ্ৰিলত প্ৰায় ৪০লাখ ভক্তই ভিৰ কৰিব পাৰে বুলিও ধাৰণা কৰিছে প্ৰশাসনে। ইয়াৰবাবে পূৰ্বৰে পৰাই নিৰ্দেশিকা জাৰি কৰা হৈছে ৰাম মন্দিৰৰ তৰফৰ পৰা। ৰাম মন্দিৰ ট্ৰাষ্টে জাৰি কৰা নিৰ্দেশিকা অনুসৰি, ১৫ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিল পৰ্যন্ত কোনো ভি আই পিয়ে এই মন্দিৰত প্ৰৱেশ কৰি নোৱাৰিব। কোনো ভি আই পি পাছ মন্দিৰৰ তৰফৰ পৰা দিয়া নহ’ব।’
ইতিমধ্যে নয়া ঘাট জোন, নাগেশ্বৰনাথ জোন, হনুমানগড়ী মন্দিৰ জোন, কনক ভৱন মন্দিৰ জোনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। অযোধ্যাৰ ৰাম নৱমী মেলা আৰম্ভ হৈছে ৯এপ্ৰিলৰ পৰা আৰু এই মেলা শেষ হ’ব ১৭ এপ্ৰিলত। যাতে সমস্ত বিভাগে যথাযথভাৱে দায়িত্ব পালন কৰে তাৰবাবে চহৰৰ স্বাস্থ্য বিভাগ, অযোধ্যাৰ পৌৰ কৰ্পৰেছন আৰু চহৰৰ বিদ্যুৎ বিভাগকো সতৰ্ক কৰি দিয়া হৈছে।
ৰাম নৱমী উপলক্ষ্যে প্ৰসাদ হিচাপে পঠোৱা হৈছে ১,১১,১১১ কিঃগ্ৰাঃ। দেওবাৰে হংস বাবা ট্ৰাষ্টৰ ট্ৰাষ্টি অতুল কুমাৰ ছাক্সেনাই জনোৱা অনুসৰি, দেওবাৰে হংস বাবাই পঠিয়াইছে ১,১১,১১১ কিঃগ্ৰাঃৰ লাড্ডু। ভক্তসকলৰ মাজত এই লাড্ডু প্ৰসাদ হিচাপে বিতৰণ কৰা হ’ব। বিগত ২২ জানুৱাৰীত ৰামলালাৰ অভিষেকৰ দিনটোত ৪০ হাজাৰ কিঃগ্ৰাঃৰ লাড্ডু পঠিয়াইছিল এই ট্ৰাষ্টে।
উল্লেখ্য যে ৰামনৱমী উপলক্ষ্যে ৰামলালাৰ কঁপালত ঠিক দুপৰীয়া ১২ বজাত সূৰ্যৰ পোহৰ পৰিব। যি ৰামলালাৰ কঁপালত সূৰ্যতিলক হ’ব। প্ৰতি ৰামনৱমীত দুপৰীয়া সূৰ্যৰ আলোক ৰশ্মিৰ ৰামলালাৰ মূৰ্তিৰ কঁপালত পৰিব। এই কাম সম্ভৱ হৈছে কেৱল বিজ্ঞানীৰ অক্লান্ত গৱেষণাত। কাৰণ সূৰ্যৰ ৰশ্মি ৰামলালাৰ কঁপালত বিজ্ঞানসন্মতভাৱে প্ৰতিফলিত হ’ব কেৱল ৰামনৱমীতেই। চাৰি মিনিটৰ বাবে ৰামলালাৰ কঁপালত থাকিব এই তিলক। ৰামলালাৰ কঁপালত সূৰ্যৰ পোহৰ প্ৰতিফলিত হোৱাৰ সময়খিনি লাইভ টেলিকাষ্ট চাব পাৰিব দেশবাসীয়ে। বিশেষকৈ এই দিনটোত অযোধ্যাত কমেও ১০০তকৈয়ো অধিক এল ই ডি স্ক্ৰিণ বহুওৱা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ