অসম লাইভ২৪ঃ সন্মুখত মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন৷ বিজেপিয়ে এইবাৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ টিকট দিছে বুধনি বিধানসভা সমষ্টিৰ পৰা৷ এই আসনৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে শিৱৰাজ সিং চৌহানে৷ মনোনয়ন দাখিলৰ পাছতেই ভাইৰেল হৈছে শিৱৰাজ সিং চৌহানৰ সম্পত্তিৰ তালিকা৷ তেওঁৰ পত্নীৰ সম্পত্তিৰ পৰিমাণ পূৰ্বতকৈ বহু পৰিমানে বৃদ্ধি পাইছে৷ কমিছনে জমা দিয়া হলফনামা অনুসৰি পাঁচ বছৰত পাঁচ লাখ টকা কমি গৈছে শিৱৰাজ সিং চৌহানৰ সম্পত্তিৰ পৰিমান৷ শিৱৰাজতকৈ তেওঁৰ পত্নীৰ সম্পত্তি বৃদ্ধি পাইছে৷ পত্নী সাধনা সিঙৰ সম্পদ বৃদ্ধি হৈছে প্ৰায় ৮৯ লাখ টকা৷ উভয়ৰ সম্পদ একেলগ কৰিলে তেওঁৰ মুঠ সম্পত্তি বৃদ্ধি পাইছে ৮৪লাখ টকা৷
সোমবাৰে বুধনি বিধানসভা আসনত মনোনয়ন জমা দিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে৷ ২০১৮ চনত মুখ্যমন্ত্ৰী শিৱৰাজে মনোনয়ন দাখিল কৰোতে তেওঁৰ পত্নীৰ মুঠ আয় আছিল ৭.৭৮ কোটি টকা৷ ২০২৩ৰ নিৰ্বাচনৰ সময়ত জমা দিয়া মনোনয়নত শিৱৰাজ আৰু তেওঁৰ পত্নীৰ সন্মিলীত আয় ৮.৬২ কোটি৷ বিগত ৫ বছৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ আয় বহু পৰিমানে বৃদ্ধি হৈছে৷ ২০১৮ চনত শিৱৰাজৰ আয় আছিল ৩.২৬ কোটি৷ ২০২৩ চনত আয়ৰ পৰিমান ৩.২১ কোটিলৈ কমিছে৷ আনহাতে ২০১৮ চনত শিৱৰাজৰ পত্নী সাধনা সিঙৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ৪.৫২ কোটি৷ পাঁচ বছৰত এই সম্পত্তিৰ পৰিমান বাঢ়ি হৈছেগৈ ৮৯ লাখ৷ বৰ্তমান সেই সম্পত্তিৰ পৰিমান ৫.৪১ কোটি৷ ইয়াৰোপৰি বিগত নিৰ্বাচনৰ সময়ত শিৱৰাজ সিঙে তেওঁৰ সন্তান কুণালৰ শিক্ষাৰ বাবে ২৭ লাখ টকা শিক্ষা ঋণ লৈছিল৷
বিগত নিৰ্বাচনত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেঁওৰ সম্পত্তিৰ বিৱৰণত পৈতৃক সম্পত্তিৰ উল্লেখ নাই কৰা৷ সেই সময়ত শিৱৰাজৰ নামত মুঠ সম্পত্তিৰ পৰিমাণ আছিল ৩.২৬ কোটি টকা৷ এইবাৰ মনোনয়ন দাখিল কৰোতে তেওঁ পিতৃৰ পৰা পোৱা সম্পত্তিৰ কথাও উল্লেখ কৰিছে৷ এইবাৰ তেওঁ পিতৃৰ সম্পত্তি ভাগ বটোৱাৰা হৈ ৪ একৰ ভূমিৰ মাজত ৬ভাগ লাভ কৰাৰ কথা লিখিছে৷ পিতৃৰ সম্পত্তি লাভ কৰিলেও তেওঁৰ মুঠ সম্পত্তি বৃদ্ধি নাপালে৷ বৰ্তমান তেওঁৰ সম্পত্তিৰ পৰিমান ৩.২১ কোটি৷ বেংকত শিৱৰাজ আৰু সাধনাৰ জমাৰ পৰিমান ১ কোটি ৩২ লাখ টকা৷ শিৱৰাজৰ বেংক একাউণ্টত জমা থকা ধনৰ পৰিমান হৈছে ৯২.৭৯ লাখ৷ সাধনা সিঙৰ বেংক একাউণ্টত জমা আছে ৭১.৮৭ লাখ টকা৷ ৫ বছৰ পূৰ্বে জমা দিয়া তথ্যত শিৱৰাজৰ একাউণ্টত ২০.২৬ লাখ টকা আৰু সাধনা সিঙৰ একাউণ্টত ১১.২০ লাখ টকা জমা কৰিছে৷ শিৱৰাজৰ নামত কোনো নিজস্ব বাহন নাই৷ ২০১৮ চনত শিৱৰাজৰ পত্নী সাধনা সিঙৰ নামত এখন এম্বেচাডৰ বাহন আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ