অসম লাইভ২৪ঃ কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মলহোত্ৰাৰ বিবাহৰ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। দুয়োৰে পৰিয়াল বন্ধু-বান্ধৱ সকলো উপস্থিত হৈছেগৈ ৰাজস্থানৰ জয়ছলমেৰত। বিবাহৰ মাজতেই বহুতেই চৰ্চা চলাইছে যে দুয়োগৰাকীয়েই যিহেতু অভিনয়ৰ সৈতে জড়িত তেওঁলোকৰ কোন প্ৰকৃততে কেৰিয়াৰত বেছি সফল? কাইলৈ সিদ্ধাৰ্থ-কিয়াৰা বিবাহত বান্ধ খাব।
সিদ্ধাৰ্থ মলহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে তেওঁলোকৰ কেৰিয়াৰ পৃথকে পৃথকেই আৰম্ভ কৰিছিল। সংবাদ সূত্ৰমতে কিয়াৰা-সিদ্ধাৰ্থ এতিয়া কেইবা কোটি টকা সম্পত্তিৰ অধিকাৰী। সূত্ৰ অনুসৰি দুয়োৰে মুঠ সম্পত্তিৰ পৰিমান ১১০ কোটি। উল্লেখ্য যে সিদ্ধাৰ্থ মলহোত্ৰাৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে প্ৰায় ৮৫ কোটি। কিয়াৰাৰো সম্পত্তিৰ পৰিমান প্ৰায় সিদ্ধাৰ্থৰ সমানেই। সিদ্ধাৰ্থে এখন চিনেমাৰ বাবে প্ৰায় ৭ৰ পৰা ৮ কোটি টকা লয়। ইয়াৰোপৰি বহুকেইটা বিজ্ঞাপন সংস্থাৰ সৈতেও সিদ্ধাৰ্থ জড়িত হৈ আছে। বিজ্ঞাপনৰ পৰাই মাহিলি ২ ৰ পৰা ৪ কোটি টকা লাভ কৰে সিদ্ধাৰ্থই। ইপিনে কিয়াৰাইয়ো বৰ্তমান বহুকেইটা বিজ্ঞাপন সংস্থাৰ সৈতে জড়িত।
সিদ্ধাৰ্থ মলহোত্ৰাৰ মুম্বাইৰ বিলাসী এলেকাত আছে ফ্লেট। বান্দ্ৰাৰ কাষতে থকা এই বিলাসী ফ্লেটৰ দাম প্ৰায় ১৫ কোটিৰো অধিক হ’ব। সিদ্ধাৰ্থ মলহোত্ৰাৰ মুম্বাইতেই আছে মাটিও। যাৰ মাৰ্কেট ভেল্যু এতিয়া প্ৰায় ২.২৬ কোটি। ইয়াৰোপৰি সিদ্ধাৰ্থৰ ১.৮৬ কোটিৰ মাৰ্ছিডিছ ব্ৰেণ্ডৰ গাড়ীও আছে। ইপিনে কিয়াৰাৰ হাতত আছে ১.৫৬ কোটিৰ অডি-A89L চেডাৰ্ণ, ৬০ লাখ টকীয়া মাৰ্ছিডিছ বেঞ্জ E220D আৰু দুখনকৈ BMW.
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ