কথিত আছে যে শনিদেৱ যদি আপোনাৰ ওপৰত সুখী হয় তেতিয়া আপোনাক সিংহাসন লাভৰ স্থানলৈকে লৈ যায়৷ আৰু ৰুষ্ট হ’লে আপোনাক সিংহাসখনৰ পৰা মাটিলৈকো নমাই আনিব পাৰে৷ এই কাৰণতেই শনি পূজাত কেইবাটাও নিয়ম মানি চলা হয়৷ শনিদেৱক সুখী কৰাৰ বাবে আমি বহুতেই ফুল নিবেদন কৰো কিন্তু আমি ফুল দিওতেও অজানিতে কিছু ভুল কৰি পেলাওঁ৷
শনিদেৱক সকলোধৰণৰ ফুল নিবেদন কৰা উচিত নহয়৷ কি ফুলত অতিষ্ঠ হয় শনিদেৱ? আপুনি প্ৰায়সকল দেৱ দেৱতাকেই নিশ্চয়কৈ জবা ফুলেই অৰ্পণ কৰে৷ কথিত যে ৰঙা ৰঙৰ ফুল দেৱী দুৰ্গাৰ বিশেষভাৱে প্ৰিয়৷ কিন্তু শনিৰ প্ৰিয় নহয় ৰঙা ৰং৷ সেয়ে শনি দেৱক কেতিয়াও ৰঙা ৰঙৰ ফুল অৰ্পণ কৰিব নালাগে৷ তেওঁক ৰঙা ফুল দিলে ভৱিষ্যতে সমস্যাত পৰিব পাৰে আপুনি৷
কথিত আছে যে ৰঙা ৰং মঙলৰ সৈতে সম্পৰ্কিত৷ জ্যোতিষ অনুসৰি শনি আৰু মঙলৰ মিলন শুভ বুলি ধাৰণা কৰা নহয়৷ কাৰণ আপুনি যেতিয়া শনিক ৰঙা ৰঙৰ ফুল অৰ্পণ কৰে তেতিয়া মঙলক তেওঁৰ সন্মুখত আনি থিয় কৰোৱা যেন হয়৷ যাৰ কাৰণে শনি আপোনাৰ ওপৰত ক্ষুদ্ধ হৈ পৰিব পাৰে৷
সকলো দেৱ দেৱীকেই প্ৰায়ে নাৰ্জি ফুলৰ মালা পিন্ধোৱা হয়৷ শাস্ত্ৰত কোৱা হৈছে যে নাৰ্জী ফুলৰ মালা অৰ্পণ কৰিলে ভগবানে আমাৰ ওপৰত প্ৰসন্ন হয়৷ কিন্তু শনিদেৱক নাৰ্জী ফুল নিবেদন কৰাটো অশুভ বুলি বিবেচিত হয়৷ কাৰণ হৈছে নাৰ্জী ফুল সূৰ্যৰ প্ৰতীক৷ সূৰ্যদেৱৰ সৈতে শনিৰ পিতা-পূত্ৰৰ সম্পৰ্ক আছে যদিও উভয়ৰে সম্পৰ্ক মসৃণ নহয়৷ এই পৰিস্থিতিত আপুনি যদি সূৰ্যৰ প্ৰতীক শনিদেৱক দিয়ে তেন্তে তেওঁ খং কৰাটো স্বাভাৱিক৷ এই ক্ৰোধেই আপোনাৰ জীৱনত সমস্যা আনিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ