আমেৰিকাত বিধ্বংসী ঘূৰ্ণী-ধুমুহা, ৩২ লোকে হেৰুৱালে প্ৰাণ, হাজাৰোধিক লোকে হেৰুৱালে ঘৰ
ডোনাল্ড ট্ৰাম্পৰ দেশ আমেৰিকাত ঘূৰ্ণী ধুমুহাই ধাৰণ কৰিছে বিধ্বংসী ৰূপ। বৰ্তমানলৈ এই ধুমুহাৰ ফলত প্ৰাণ হেৰুৱাইছে ৩২ গৰাকীকৈ লোকে। ইয়াৰ উপৰি হাজাৰোধিক লোকে হেৰুৱাইছে ঘৰ। আহত হৈছে বহু লোক।
এই তথ্য প্ৰদান কৰে মিছৌৰী ষ্টেট হাইৱে পেট্ৰ’লে। শনিবাৰে মিছৌৰীত ধুমুহাৰ ফলত ১২ জন লোকৰ মৃত্যু হৈছিল। দেওবাৰে এই সংখ্যা ৩২ লৈ বৃদ্ধি পায়।
সংস্থাটোৱে জনোৱা মতে, এই ধুমুহাৰ ফলত বহু লোক আহতো হৈছে। সুৰক্ষা বিভাগে এক বিবৃতিত কয় যে ৰাজ্যখনৰ ১৬খন কাউন্টিত ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতিৰ লগতে বিদ্যুৎ পৰিবাহী তাঁৰ আৰু গছ-গছনি উভালি পৰাৰ খবৰ পোৱা গৈছে।
মেয়ৰ জ’নাছ এণ্ডাৰছনে জনোৱা মতে, আৰ্কান সাছৰ কেভ চিটি অঞ্চলত পৰৱৰ্তী জাননী নিদিয়ালৈকে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ