অসম লাইভ ২৪ঃ শীঘ্ৰেই দেশত উপলব্ধ হ’ব 5G নেটৱৰ্ক সেৱা। মঙলবাৰে এই কথা সদৰী কৰে টেলিসংযোগ বিভাগ(DoT)য়ে। নেটৱৰ্ক সম্বন্ধীয় সকলো কাম কাজ চোৱা-চিতা কৰা ভাৰত চৰকাৰৰ এই বিভাগটোৱে 5G টেকন’লজিৰ পৰীক্ষণৰ সেউজ সংকেত প্ৰদান কৰে টেলিকম কোম্পানীসমূহক। পৰীক্ষণৰ বাবে প্ৰ-পত্ৰ লাভ কৰে এয়াৰটেল, ৰিলায়েন্স, জিঅ’, ভ’ডাফোন, আইডিয়া আৰু MTNLয়ে। টেলিকম কোম্পানীসমূহে মোবাইল সৰঞ্জাম তৈয়াৰ কৰা কোম্পানী ericson, nokia আৰু samsung ৰ সৈতে ইতিমধ্যেই আলোচনা মিলিত হৈছে। জিঅ’ই স্বয়ংসৃষ্ট প্ৰযুক্তিৰ সহায়ত পৰীক্ষণ সম্পূৰ্ণ কৰিব। DoTয়ে সদৰী কৰা অনুসৰি, এই পৰীক্ষণ পূৰ্বৰ নেটৱৰ্কৰ পৰিৱৰ্তে নতুন নেটৱৰ্কৰ জৰিয়তে সম্পন্ন কৰা হ’ব। বাণিজ্যমুক্ত হ’ব এই পৰীক্ষণ। ইয়াৰ দ্বাৰা উৎপন্ন হোৱা ডাটা ভাৰততে সাঁচি ৰখা হ’ব। পৰীক্ষণৰ সময়সীমা ৬ মাহ ধাৰ্য কৰিছে dotয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ