অসম লাইভ ২৪ঃ ১ এপ্ৰিলৰ পৰা অসমত আৰম্ভ নতুন ৰাজ্যিক শিক্ষাবৰ্ষ। পূৰ্বৰ শৈক্ষিক বৰ্ষ জানুৱাৰীৰ পৰিৱৰ্তে এপ্ৰিলৰ পৰা আৰম্ভ হৈছে ২০২১-২২ বৰ্ষৰ শিক্ষাবৰ্ষ। ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত। বিগত বৰ্ষটোত শিক্ষাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিছিল ক’ৰোণা মহামাৰীৰ বাবে। এতিয়াৰে পৰা স্থায়ীৰূপত প্ৰযোজ্য হ’ব শিক্ষাবৰ্ষৰ ক্ষেত্ৰত চৰকাৰৰ এই সিদ্ধান্ত। বাৰ্ষিক পৰীক্ষাসমূহ ডিচেম্বৰৰ পৰিৱৰ্তে অনুষ্ঠিত হ’ব মাৰ্চ মাহত। প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত গৰম বন্ধ জুলাই মাহৰ পৰিৱৰ্তে ১ মে’ৰ পৰা ৩১ মে’লৈ গণ্য কৰা হ’ব। লকডাউনৰ সময়ছোৱাত শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষতিপূৰণ হোৱাকৈ এপ্ৰিলৰ পৰা আৰম্ভ কৰিছে এই নতুন শিক্ষাবৰ্ষ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ