অসম লাইভ ২৪ঃ আপুনি যদি এগৰাকী চৰকাৰী কৰ্মচাৰী তেন্তে এই খবৰ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰঙালী বিহুৰ আগে আগে চৰকাৰী কৰ্মচাৰীসকললৈ কেন্দ্ৰীয় চৰকাৰে দিছে এক সু-খবৰ। ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি(NPS)ৰ পৰিৱৰ্তে এতিয়াৰে পৰা পুৰণি পেঞ্চন আঁচনি(OPS)ৰ সুবিধা গ্ৰহণ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। কিন্তু তাৰ বাবে আৱেদন কৰিব লাগিব কৰ্মচাৰীসকলে। ৫ মে’ আৱেদন কৰাৰ অন্তিম তাৰিখ। আৱেদন নকৰাসকলেও পুৰণি পেঞ্চন আঁচনি(OPS)ৰ অধীনত সুবিধা লাভ কৰিব। আনফালে, ২০০৪ চনৰ ১ জানুৱাৰীৰ পৰা ২০০৯ চনৰ ২৮ অক্টোবৰৰ সময়ছোৱাত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে ‘CCS PENSION’ৰ জৰিয়তে পেঞ্চনৰ সুবিধা লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ