পঞ্জাৱৰ ফিৰোজপুৰৰ বাসিন্দা ৰাজ কুমাৰ পুৰীৰ সৈতে জড়িত এটা ঘটনাই সকলোকে আচৰিত কৰিছে। প্ৰায় দুবছৰ পূৰ্বে গোৱাৰ পৰা দিল্লীলৈ ৰে’লৰ টিকট বুকিং কৰিছিল। টিকটৰ নিৰ্ধাৰিত সময়ৰ দুঘণ্টা আগতেই ৰে’লখন ৰাওনা হ’ল। তেওঁ ৰে’লৱেক আদালতলৈ লৈ গ’ল। ইয়াৰ পিছত তেওঁ ১৫,৬২০ টকা ক্ষতিপূৰণ লাভ কৰিছে। কিন্তু কি আছিল প্ৰকৃত ঘটনাটো জানো আহক…
এই ঘটনা ২০২৪ চনৰ জুন মাহত সংঘটিত হৈছিল। ৰাজ কুমাৰ পুৰীয়ে পত্নী আৰু কন্যাৰ সৈতে গোৱালৈ গৈছিল। উভতি অহাৰ সময়ত তেওঁ ২০২৪ চনৰ ১০ জুনত মদগাঁৱৰ পৰা হজৰত নিজামুদ্দিনলৈ ৰে’ল বুকিং কৰিছিল। তেওঁ ৰে’লখনৰ বাবে ১০,৬২০ টকা দিছিল। ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে তেওঁ গম পালে যে টিকটত ছপা হোৱা প্ৰস্থানৰ সময় দুঘণ্টা আগতেই ৰে’লখন ৰাওনা হৈছে। পুৰীয়ে কয় যে ৰে’লৱে বা আই আৰ চি টি চি, য’ৰ পৰা তেওঁ ৰে’লখন বুকিং কৰিছিল, সেইটোৱেও তেওঁক প্ৰস্থানৰ সময় সলনি কৰাৰ বিষয়ে অৱগত কৰা নাছিল। ট্ৰেইনখন বাদ পৰাৰ পিছত তেওঁ উৰাজাহাজেৰে দিল্লীলৈ যাব লগা হ’ল।
গ্ৰাহক আদালতৰ কাষ চাপিলে
ৰে’লৱেই হাৰাশাস্তি কৰি পুৰীয়ে ফিৰোজপুৰ জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগৰ কাষ চাপিছিল। উত্তৰ ৰে’লৱেৰ ফিৰোজপুৰ সংমণ্ডল, কংকন ৰে’লৱে, আই আৰ চি টি চিৰ বিৰুদ্ধে তেওঁ গোচৰ ৰুজু কৰে। তেওঁ কেৱল টিকটৰ ধন ঘূৰাই দিয়াই নহয়, মানসিক যন্ত্ৰণা আৰু অসুবিধাৰ বাবে এক লাখ টকাৰ ক্ষতিপূৰণ বিচাৰিছিল, আৰু মামলাৰ খৰচো বিচাৰিছিল।
আদালতে কি ক’লে
২০২৪ চনৰ ১৯৪ নং গোচৰত (ৰাজ কুমাৰ পুৰী বনাম ডি আৰ এম অফিচ, উত্তৰ ৰে’লৱে) উপভোক্তা আদালতৰ সভাপতি কিৰণজিৎ কৌৰ অৰোৰা আৰু সদস্য সুমন খান্নাই ৰে’লৱে আৰু আই আৰ চি টি চিক সেৱাৰ অভাৱৰ বাবে দোষী সাব্যস্ত কৰে। তেওঁলোকে দুয়োটা সংস্থাকে পুৰীৰ টিকটৰ ১০,৫২৬ টকা ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে, লগতে তেওঁৰ মানসিক অশান্তিৰ বাবে ৫,০০০ টকা ক্ষতিপূৰণ দিব। অৰ্থাৎ পুৰীয়ে মুঠ ১০,৫২৬ টকা লাভ কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















