অসম লাইভ ২৪ঃ অলিম্পিকৰ পদকসমূহ ভেজাল৷ নিম্নমানৰ ধাতুৰে তৈয়াৰ কৰা হৈছে টকিঅ’ অলিম্পিকৰ সোণৰ পদক৷ অলিম্পিক অন্ত পৰাৰ এমাহ নহওতেই এৰাই হৈছে পদকৰ ওপৰৰ ধাতু৷ চীনৰ স্বৰ্ণ বিজয়ী জিমনাষ্ট Zhu Xueyingয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফটো৷ য’ত সকলো স্পষ্টকৈ উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে৷ সোণৰ পদকৰ ধাতুৰৈ তৈয়াৰী তৰপটোৰ কিছু অংশ এৰাই যোৱা দেখা গৈছে ফটোকেইখনত৷ কিন্তু খেলুৱৈগৰাকীৰ অভিযোগ সন্দৰ্ভত টকিঅ’ অলিম্পিকৰ আয়োজক কমিটীয়ে স্পষ্টীকৰণ দাঙি ধৰিছে৷ Global Timesৰ ৰিপ’ৰ্টত আয়োজক কমিটীয়ে স্পষ্টীকৰণ অনুসৰি, এইটো এটা ধাতুৰ প্ৰলেপ নহয় বৰং এটি আৱৰণহে যিয়ে পদকটো দাগ লগা অথবা ধূলি-বালিৰ পৰা ৰক্ষা কৰিব৷ উল্লেখ্য, জাপানী নাগৰিকৰ ইলেকট্ৰ’নিক সামগ্ৰীৰ পৰা নবীকৰণৰ জৰিয়তে নিৰ্গত ধাতুৰে তৈয়াৰ কৰা হৈছে টকিঅ’ অলিম্পিক-২০২০ত প্ৰদান কৰা পদকসমূহ৷
On the evening of August 23rd, Olympic champion Zhu Xueying sent a message to Weibo, saying that her Olympic gold medal had lost a layer of skin, and the upper left had mottled visible to the naked eye. pic.twitter.com/gDPBga7rkt
— Cherry_Chen (@11240Cherry) August 24, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ