হেলা নকৰিব, সাৱধান হোৱাৰ সময়- ২৩ লৈ বৃদ্ধি মৃতকৰ সংখ্যা, ১০৪৫ এক্টিভ কেছ
দেশত ক্ৰমাগত ভাৱে বৃদ্ধি পাই গৈ আছে কৰ’ণা সংক্ৰমিত লোকৰ সংখ্যা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে জাৰি কৰা হৈছে সতৰ্কবাণী। কিন্তু এতিয়াও যেন সতৰ্ক হোৱা নাই লোক। যাৰ বাবে মাথো দুটামান সপ্তাহৰ পাছতে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে।
যাৰ বাবে এতিয়া আৰু হেলা কৰাৰ সময় নাই, সাৱধান হোৱা প্ৰয়োজন দেশবাসী। কাৰণ এতিয়ালৈকে কভিডৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ২৩ গৰাকীকৈ লোকে।
ইয়াৰ উপৰি সক্ৰিয় আক্ৰান্তৰ লোকৰ সংখ্যা হাজাৰৰ ঘৰ পাৰ কৰি ১০৪৫ গৰাকী হৈছে। এতিয়াই যদি ইয়াৰ ওপৰত সাৱধানতা অৱলম্বন কৰা নহয় , তেন্তে ই পুনৰ ২০২০-২১ চনৰ দৰে পৰিস্থিতি আনিব পাৰে বুলি শংকা ব্যক্ত কৰিছে।
ইতিমধ্যে চীনত , ছিংগাপুৰত ই গো-গ্ৰাসে গিলিছে লোকক। সংক্ৰমণ হৈছে বহু লোক। হংকং, বেংকক, থাইলেণ্ড, ছিংগাপুৰ, পাকিস্তান আদিত প্ৰতিদিনে বহু লোক সংক্ৰমিত হোৱাৰ লগতে বহু লোকে প্ৰাণ হেৰুৱাইছে।
উল্লেখ্য যে, ভাৰতত বৰ্তমানে কৰ’ণাৰ দুটা ভেৰিয়েণ্ট ধৰা পৰিছে। এটা হৈছে- NB.1.8.1 আৰু আনটো হৈছে- LF.7 .
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















