অসম লাইভ ২৪ঃ ৰাজ্যত শিক্ষা বিভাগৰ নতুন নিৰ্দেশনা জাৰি। এইবাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সাজ-পাৰৰ ক্ষেত্ৰত সৰৱ ৰাজ্যৰ শিক্ষা বিভাগ। নিৰ্দেশনা অনুসৰি নতুন ড্ৰেছ-ক’ড জাৰি কৰা হৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে। এতিয়াৰে পৰা বিদ্যালয়ত মাৰ্জিত পোছাক পৰিধান কৰিব লাগিব শিক্ষক-শিক্ষয়িত্ৰীসকলে।
নিৰ্দেশনা অনুসৰি, জীন্ছ, টী-ছাৰ্টৰ সলনি ফৰ্মেল ছাৰ্ট-পেণ্ট পিন্ধিব লাগিব পুৰুষ শিক্ষকসকলে। আনহাতে, মহিলা শিক্ষয়িত্ৰীসকলে মাৰ্জিত শাড়ী, মেখেলা-চাদৰ পৰিধান কৰিব লাগিব।
পূৰ্বতেও শিক্ষক-শিক্ষয়িত্ৰী পদত থকা সকলে কৰ্তব্যৰ সময়ছোৱাত মাৰ্জিত পোছাক পৰিধান কৰাই দেখিবলৈ পোৱা যায়। যাৰফলত এই ঘোষণাক লৈ ৰাজ্যৰ শিক্ষক মণ্ডলীৰ মাজত এক মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ