অসম লাইভ ২৪ঃ কোভিড সংহাৰৰ মাজতে এতিয়া ৰাজ্যত ভাবুকি স্বৰূপ হৈ পৰিছে ব্লেক ফাংগাছ। কোভিড ৰোগীৰ বাবে মৃত্যুদূত হৈ আহিছে ব্লেক ফাংগাছ অৰ্থাৎ ক’লা ভেঁকুৰ। ৰাজ্যত বৰ্তমানলৈকে ২ জন ৰোগীৰ শৰীৰত ধৰা পৰিছে ব্লেক ফাংগাছ। ইতিমধ্যে এগৰাকী ৰোগীৰ মৃত্যু হৈছে ব্লেক ফাংগাছত আক্ৰান্ত হৈ। বুধবাৰে পুৱা ৬ বজাত এপল’ হাস্পতালত মৃত্যু হয় নগাঁৱৰ ধিঙৰ পলমনি বৰা নামৰ যুৱকজন। দিল্লী, মুম্বাইত সংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ব্লেক ফাংগাছৰ অৱস্থিতি শেহতীয়াকৈ অসমত ধৰা পৰিছে। ই মুখ্যতঃ স্বাস্থ্যজনিত সমস্যাৰ বাবে ঔষধ গ্ৰহণ কৰি থকা লোকসকলক প্ৰভাৱিত কৰে, যাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। ব্লেক ফাংগাছ প্ৰায়ে ছালত প্ৰকট হয় আৰু হাওঁফাওঁ আৰু মগজুক প্ৰভাৱিত কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ