১০ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি, গোলাৱ চান্দ কাটাৰিয়া পাঞ্জাৱৰ ৰাজ্যপাল, অসমৰ ৰাজ্যপাল কোন !
কালি ২৭ জুলাই তাৰিখ শনিবাৰে দেশৰ ১০ ৰাজ্যৰ নতুন ৰাজ্যপালৰ নাম ঘোষণা কৰা হয়। সেই অনুসৰি অসমৰ ৰাজ্যপাল গোলাৱ চান্দ কাটাৰিয়া এতিয়া পাঞ্জাৱৰ ৰাজ্যপাল। অসমত নিযুক্তি পাইছে নতুন ৰাজ্যপাল। তাৰোপৰি অসমৰ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল নিযুক্তি।
এতিয়াৰ পৰা অসমৰ নতুন ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য। চিকিমৰ ৰাজ্যপালগৰাকী এতিয়াৰ পৰা অসমৰ ৰাজ্যপাল। মণিপুৰৰ অতিৰিক্ত দায়িত্বও দিয়া হৈছে তেখেতৰ হাতত।
বাৰাণসৰ লক্ষণ প্ৰসাদ আচাৰ্য এগৰাকী শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰাৰ লগতে পোনতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৈতে জড়িত আছিল। পাছলৈ দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰে। ছিমলা বুজাবুজি আন্দোলনত ভাগ লোৱা , দেশৰ জৰুৰীকালিন অৱস্থা আদিত সক্ৰিয় ভাৱে জড়িত আছিল।
১৯৭৭ চনৰ ২২ জুৱ তাৰিখে আচাৰ্যই শিশু শিক্ষা গাঁৱৰ দিশে নামেৰে এক অভিযান আৰম্ভ কৰিছিল। যাৰ উদ্দেশ্য আছিল গাঁঁওবোৰত শিক্ষা বিয়পোৱা। যাৰ ফলত উত্তৰ প্ৰদেশৰ বহু ঠাইত বিদ্যালয় খোলা প্ৰথম ব্যক্তি হিচাপে বিশেষ সুনাম গঢ়ে। পাছলৈ তেখেত হিন্দু পৰিষদৰ অংশ হৈ পৰে।
আৰ এচ এচ আৰু হিন্দু পৰিষদৰ সদস্য হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ সৈতেও জড়িত হৈ থাকে। ১৯৯৬ চনত বাৰাণসৰ বিজেপিৰ জিলা অধক্ষ্য হৈ পৰে। তেতিয়াৰে পৰা বিজেপিৰ সৈতে ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ থাকি অৱশেষত ২০২৩ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত চিকিমৰ ১৭ সংখ্যক ৰাজ্যপাল নিযুক্ত হয়। এইবাৰ ২০২৪ বৰ্ষৰ ২৭ জুলাইত অসমৰ ৰাজ্যপাল নিযুক্তি পায়।
পাঞ্জাৱ আৰু অসমৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অন্য ৮ খন ৰাজ্যৰো নতুন ৰাজ্যপাল নিযুক্তি দিয়ে- ছিকিমৰ নতুন ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল ৰাধাকৃষ্ণন, সন্তোষ কুমাৰ গংগৱাৰ ঝাৰখণ্ডৰ ৰাজ্যপাল, জিষ্ণু দেৱ ভাৰ্মা তেলেংগানাৰন ৰাজ্যপাল, হৰিভৌ কিষানৰাও বাগডেক ৰাজস্থানলৈ, ৰমেন ডেকাক ছত্তীশগড়লৈ আৰু চি.এইচ. বিজয়শংকৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ