অসম লাইভ২৪ঃ পিকনিকক লৈ নতুন SOP আহিছে। আনফালে ৪৮ ঘণ্টীয়া মটৰ-শ্ৰমিক সন্থাই দিয়া বন্ধ। সকলো নেওচি পিকনিকলৈ ওলাই আহিছিল এটা দল। আহিয়েই আৰক্ষীৰ মুখামুখি হ’ল দলটো। আৰক্ষীৰ প্রশ্ন ক’লৈ যাব? আৰক্ষীয়ে দলটোক সোঁৱৰাই দিলে বন্ধৰ কথাও। কিন্তু দলটোৱে নাজানে বন্ধৰ কথা। শিৱসাগৰৰ পৰা পানীমুৰলৈ যাবলৈ আহিছিল ৪ জনীয়া বনভোজকাৰী দলটো।
পিছে গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বেই আৰক্ষীয়ে আৱদ্ধ কৰে দলটোক। বৰ্তমান উপায়হীন হৈ দলটোৱে আৰক্ষী থানাৰ সন্মুখতেই বনভোজ খোৱাৰ বাবে আয়োজন চলাইছে। পানীমুৰৰ সলনি আৰক্ষী থানাৰ সন্মুখতে সম্প্ৰতি বনভোজৰ যা-যোগাৰত ব্যস্ত দলটো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ