অসম লাইভ ২৪ঃ মহানগৰীৰ স্পা-চেলুন, পাৰ্লাৰলৈ GMCৰ কঠোৰ নিৰ্দেশনা। মহিলাই পুৰুষক দিব নোৱাৰিব মাছাজ। একেদৰে পুৰুষেও মহিলাক দিব নোৱাৰিব মাছাজ। পাৰ্লাৰত থাকিব নোৱাৰিব বিশেষ কোঠা। মুখ্য দুৱাৰ হ’ব লাগিব ট্ৰেন্সপাৰেন্ট। প্ৰশিক্ষিত থেৰাপিষ্ট থাকিব লাগিব পাৰ্লাৰ অথবা স্পাসমুহত। ষ্টীম বাথত সহযোগ কৰিব নোৱাৰিব বিপৰীত লিংগই। গ্ৰাহকৰ ফোন নম্বৰসহ সকলো তথ্য লিপিবদ্ধ হ’ব লাগিব। পাৰ্লাৰৰ অসামাজিক কাৰ্যকলাপৰ অভিযোগৰ ভিত্তিত এই নীতি-নিৰ্দেশনা। নীতি-নিৰ্দেশনা জাৰি কৰিলে গুৱাহাটী পৌৰ নিগমে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ