অসম লাইভ ২৪ঃ SOPক লৈ স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল। পূৰ্বৰ তুলনাত কিছু শিথিল হৈছে SOPৰ নীতি নিৰ্দেশনা। গোৱালপাৰা, মৰিগাঁৱত শিথিল সান্ধ্য আইন। দুয়োখন জিলাত দুপৰীয়া ১ বজাৰ পৰা ৫ বজালৈ সান্ধ্য আইন জাৰি। দুপৰীয়া ১২ বজালৈকে খোলা থাকিব কাৰ্যালয়, দোকান, আন্তঃজিলা পৰিবহণ। দিনৰ ১ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন। আন্তঃজিলা যাতায়াত ব্যৱস্থা ১২ বজালৈকে খোলা থাকিব। গেলামালৰ দোকান, ফলমূলৰ দোকানো খোলা থাকিব ৫ বজালৈ। ৫ জিলাত ১০ দিনত সম্পূৰ্ণ সান্ধ্য আইন। গোলাঘাট, লখিমপুৰ, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ কণ্টেইনমেণ্ট জ’ন। ২৮খন জিলাত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি। কামৰূপ (মেট্ৰ’), শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কাৰ্বি আংলং, ধুবুৰী, দক্ষিণ শালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ, হাইলাকান্দিত সান্ধ্য আইন। বিয়লি ৪ বজালৈকে খোলা থাকিব কাৰ্যালয়, দোকান, আন্তঃজিলা যাতায়ত। বাকী জিলাসমূহত পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়ত। কঠোৰ কোভিড বিধি মানি পালন কৰিব লাগিব ঈদ। মছজিদত নামাজ পঢ়িবলৈ কেৱল ৫জনক অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। ঘৰতে থাকি ঈদ উদযাপন কৰিবলৈ ৰাইজক আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ