ৰাজ্যৰ চৰকাৰী শিক্ষকৰ বাবে আহিছে নতুন নিয়ম৷
শিক্ষকৰ বাবে কি কি নিয়ম বাধ্যতামূলক?
নিয়ম অমান্য কৰিলেই নিলম্বিত হ’ব চৰকাৰী শিক্ষক৷
সামাজিক মাধ্যমত কোনোধৰণৰ বিতৰ্কিত মন্তব্য কৰিব নোৱাৰিব৷
যিখন বিদ্যালয়ত শিক্ষকতা কৰি আছে, সেই বিদ্যালয়ৰ শিক্ষাৰ্থীক ল’ব নোৱাৰিব টিউচন৷
কোনো প্ৰতিবাদী কাৰ্যসূচীত যাতে শিক্ষাৰ্থীয়ে অংশ ল’ব নোৱাৰে লক্ষ্য ৰাখিব লাগিব৷
কোনো প্ৰতিবাদী কাৰ্যসূচীৰ বাবে বন্ধ দিব নোৱাৰিব বিদ্যালয়৷
প্ৰতিজন প্ৰধান শিক্ষকে ‘স্কুল ৰুল বুক’ মানি চলিব লাগিব৷
বিদ্যালয়ত সভা পাতিবলৈ যিকোনো দল-সংগঠনক অনুমতি দিব নোৱাৰিব৷
৯ বজাৰ লগে লগে বিদ্যালয়ত প্ৰৱেশ কৰিব লাগিব শিক্ষকে৷
প্ৰধান শিক্ষকেও দৈনিক অন্তত এটা ক্লাছ কৰিব লাগিব৷
দৈনিক নোৱাৰিলেও সপ্তাহত ৫টা ক্লাছ লোৱাটো বাধ্যতামূলক প্ৰধান শিক্ষকৰ বাবে৷
ইংৰাজী ভাষাতেই শিকাব লাগিব বিজ্ঞান আৰু গণিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ