পোহৰলৈ ন ন তথ্য, কন্যাক অশালীন আচৰণ কৰি কাৰাগাৰ গৈছিল লোহিত ঠাকুৰীয়া
বামুনীমৈদাম হত্য়াকাণ্ডৰ ন ন তথ্য পোহৰলৈ। পত্নী-কন্যাক হত্যা কৰি নিজেও শেষ সিদ্ধান্ত লোৱা লোহিত ঠাকুৰীয়া সন্দৰ্ভত প্ৰকাশ পাইছে আচৰিত ঘটনা।
আজিৰ পৰা মাথো ৬ মাহ পূৰ্বে নিজৰেই ১৪ বছৰীয়া কন্য়াক ধৰ্ষণৰ অভিযোগত কাৰাবাসো হৈছিল হত্যাকাৰী লোহিতৰ। পাছে সেই গোচৰত কাৰাবাস খাটি কাৰাগৰৰ পৰা ওলাই আহিয়ে আজি সংঘটিত কৰিলে এই শিহৰণকাৰী কাণ্ড।
কাৰাগাৰৰ পৰা ওলাই অহাৰ কিছুদিনৰ পাছতে এই হত্যাকাণ্ড সংঘটিত। যাৰ ফলত পোহৰলৈ আহিছে কাৰাগৰৰ পৰা ওলাই অহাৰ দিনৰে পৰা পত্নী আৰু কন্যাক প্ৰাণে মৰাৰ বাবে কৌশল ৰচি আছিল লোহিত ঠাকুৰীয়াই।
লগতে ইয়াকো জানিব পৰা হৈছে যে, লোহিত ঠাকুৰীয়া জুলী ডেকাৰ দ্বিতীয় স্বামী। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত লোহিতৰ সৈতে বিয়াত বহিছিল জুলি ডেকা। আনহাতে কন্যা ঋতিকা ডেকা জুলী ডেকাৰ প্ৰথম স্বামীৰ ফালৰ পৰা বুলি জানিব পৰা গৈছে।
দ্বিতীয় বিবাহৰ পাছৰে পৰা নাবালিকা কন্যাৰ ওপৰত বেয়া দৃষ্টি ৰাখিছিল ৰেল বিভাগত কৰ্মৰত লোহিত ঠাকুৰীয়াই। যাৰ বাবেই কন্যাৰ হৈ ন্যায় বিচাৰি চানমাৰী আৰক্ষীৰ কাষ চাপিছিল মাতৃ জুলী ডেকা।
কিন্তু আজি সকলো শেষ হৈ পৰে। লোহিত ঠাকুৰীয়াই কাৰাগাৰৰ পৰা ওলাই আহিয়ে দুয়ো মাতৃ-কন্য়াক হত্যা কৰি নিজেও নিজকে শেষ কৰি দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ