• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিংগাপুৰত ৰোড শ্ব’ মুখ্যমন্ত্ৰী শৰ্মাৰ, ২০০ তকৈয়ো অধিক ব্যৱসায়িক নেতৃবৃন্দক এডভাণ্টেজ আসাম ২.০ত যোগদানৰ বাবে আমন্ত্ৰণ

ছিংগাপুৰত ৰোড শ্ব’ মুখ্যমন্ত্ৰী শৰ্মাৰ, ২০০ তকৈয়ো অধিক ব্যৱসায়িক নেতৃবৃন্দক এডভাণ্টেজ আসাম ২.০ত যোগদানৰ বাবে আমন্ত্ৰণ

1 year ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

29 minutes ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

59 minutes ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

1 hour ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

2 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

19 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

19 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

20 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

20 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

21 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

22 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

23 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ছিংগাপুৰত ৰোড শ্ব’ মুখ্যমন্ত্ৰী শৰ্মাৰ, ২০০ তকৈয়ো অধিক ব্যৱসায়িক নেতৃবৃন্দক এডভাণ্টেজ আসাম ২.০ত যোগদানৰ বাবে আমন্ত্ৰণ

editor by editor
February 12, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
ছিংগাপুৰত ৰোড শ্ব’ মুখ্যমন্ত্ৰী শৰ্মাৰ, ২০০ তকৈয়ো অধিক ব্যৱসায়িক নেতৃবৃন্দক এডভাণ্টেজ আসাম ২.০ত যোগদানৰ বাবে আমন্ত্ৰণ
0
SHARES
33
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছিংগাপুৰত ৰোড শ্ব’ মুখ্যমন্ত্ৰী শৰ্মাৰ, ২০০ তকৈয়ো অধিক ব্যৱসায়িক নেতৃবৃন্দক এডভাণ্টেজ আসাম ২.০ত যোগদানৰ বাবে আমন্ত্ৰণ

ছিংগাপুৰত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ তৃতীয়টো দিন। সোমবাৰ ১০ ফেব্ৰুৱাৰীৰ পৰা ছিংগাপুৰত বাহৰ পাতি আছে মুখ্যমন্ত্ৰী শৰ্মাই। এডভান্টেজ আসাম ২.০ক উদ্দেশ্য ৰাখি বহিঃৰাষ্ট্ৰত অসমৰ মুখ্যমন্ত্ৰী। সমাগত অডভাণ্টেজ আসামা ২.০ শীৰ্ষক বিনিয়োগ আৰু আন্তগাঁঠনি সন্মিলনত বহিঃৰাষ্ট্ৰৰ শিল্পপতি তথা বিনিয়োগকাৰীৰ অংশগ্ৰহণ নিশ্চিত কৰা আৰু অসমৰ উন্নয়নী যাত্ৰাৰ বাবে বিভিন্ন ৰাষ্ট্ৰ ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে ছিংগাপুৰত উপস্থিত হৈ আছে।

মঙলবাৰে দেশখনৰ ৰাষ্ট্ৰপতি থাৰ্মান ছানমুগাৰাটনামক সাক্ষাতকে ধৰি বিভিন্ন খণ্ডৰ উদ্যোগপতিৰ সৈতে ৫ খনকৈ বৈঠকত অংশগ্ৰহণ কৰে। সোমবাৰৰ দিনটো ফলপ্ৰসুভাৱে সমাপন হোৱাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই ৰাষ্ট্ৰখনত মঙলবাৰেও একাধিক ফলপ্ৰসূ বৈঠকত মিলিত হয়। উল্লেখ্য , অডভান্টেজ আসাম ২.০ৰ বাবে ছিংগাপুৰ ভ্ৰমণৰ বুধবাৰৰ দিনটোত ৰাষ্ট্ৰখনৰ উপ-প্ৰধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগক বিভাগৰ মন্ত্ৰী গেন কিম য়ঙৰ সৈতে এক সাক্ষাতত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা।

উক্ত সময়ছোৱাত উদ্ভাৱনমুখী অৰ্তনীতি, ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ জৰিয়তে ভাৰত আছিয়ানৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ মূলত থকা অসমৰ প্ৰচেষ্টাৰ বিষয়ে কথা পাতে। এই বিষয়ত মুখ্যমন্ত্ৰীয়ে কয় – অডভাণ্টেজ আসাম ২.০ ত আমি বিশ্বাসযোগ্য যোগান শৃংখল আৰু সংযোগৰ জৰিয়তে অসমক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ।

এই বৈঠকত অংশগ্ৰহণ কৰা টাটা ইলেক্ট্ৰনিকছ, ফুজি মেচিন মেনুফেকচাৰিং, কীচাইট টেক, নৰ্ডচন কৰ্প, লিনটেক কৰ্প, কহু ইংক, ইক’ছফ্ট, টপ্পান ফটোমাস্ক,ছিংগাপুৰ বিজনেছ ফেডাৰেশ্যন আৰু ইণ্ডিয়ান আছিয়ান গোটৰ প্রতিনিধিসকলে অংশগ্ৰহণ কৰে।

ছিংগাপুৰ ভ্ৰমণকালতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰোড শ্ব’তো অংশগ্ৰহণ কৰে। লগতে ২০০ তকৈও অধিক প্ৰতিষ্ঠানৰ ব্যৱসায়িক নেতৃবৃন্দই অংশগ্ৰহণ কৰা এই ৰোড শ্ব’ত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী সম্ভাৱ্য বিনিয়োগকাৰীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি ‘এডভাণ্টেজ আছাম ২.০”ত অংশগ্ৰহণ কৰি অসমে আগবঢ়োৱা বিভিন্ন সুযোগ-সুবিধা অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়।

বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমৰ ভৌগোলিক স্থিতিৰ সুবিধা, ছিংগল-উইণ্ডো ক্লীয়াৰেন্স, সঠিক উদগণি, উন্নত আইন-শৃংখলা আৰু শৃংখলাবদ্ধ কৰ্মচাৰীসকল অসমৰ বাণিজ্যিক সম্ভাৱনাৰ মূল বিশেষত্ব হিচাপে স্বীকৃত হৈ পৰিছে বুলি ব্যৱসায়িক নেতৃবৰ্গৰ আগত উল্লেখ কৰে। লগতে ২০২৩-২৪ বৰ্ষত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৩৫.৬ বিলিয়ন ডলাৰ হোৱাৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে ছিংগাপুৰে ভাৰতবৰ্ষৰ ষষ্ঠ বৃহৎ বাণিজ্যিক সংগী হিচাপে উদ্ভাসিত হৈছে আৰু দুয়োখন দেশৰ এই বাণিজ্যিক সম্পৰ্কক অধিক আগবঢ়াই নিয়াৰ দিশত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ১৪৩ বিলিয়ন ডলাৰৰ সম্ভাৱ্য জি এছ ডি পি, ১২.২ বিলিয়ন ডলাৰৰ আন্তঃগাঁথনি সবলীকৰণ, দৈনিক ১৫ কিলোমিটাৰ পথ নিৰ্মাণ, ৬ হাজাৰ মেগাৱাট সেউজ শক্তিৰ লক্ষ্য তথা ইতিমধ্যে আহৰণ কৰা ৪.৭ বিলিয়ন ডলাৰ ব্যক্তিগত বিনিয়োগেৰে অসমে বিনিয়োগকাৰীসকলক উৎকৃষ্ট সম্ভাৱনা আৰু বিনিয়োগভিত্তিক উত্তম লাভ প্রদান কৰিবলৈ সামৰ্থবান।

ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনটোত মুখ্যমন্ত্ৰীয়ে আজি মধ্যাহ্ন ভোজনৰ সময়তো দেশখনৰ কেইগৰাকীমান আগশাৰীৰ বিনিয়োগকাৰী তথা অংশীদাৰৰ সৈতেও বিশেষ বাৰ্তালাপত মিলিত হয়।

মুখ্যমন্ত্ৰীয়ে আজি এ ই এম ছিংগাপুৰৰ চৌহদ পৰিদৰ্শন কৰি প্রতিষ্ঠানটোৰ বিশ্বমানৰ পৰীক্ষণ সুবিধাসমূহৰ চাক্ষুষ অভিজ্ঞতা গ্ৰহণ কৰে। জাগীৰোডত নিৰ্মীয়মান টাটাৰ ছেমিকণ্ডাক্টৰ প্রকল্পৰ কথা
উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমক এক গোলকীয় ছেমিকণ্ডাক্টৰ কেন্দ্ৰ হিচাপে আত্মপ্রকাশ কৰোৱাৰ দিশত ৰাজ্য চৰকাৰে যাৱতীয় পৰিকল্পনা আৰু পদক্ষেপ গ্রহণ কৰিছে।

মুখ্যমন্ত্ৰীয়ে লগতে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থা আৰু ছেমিকণ্ডাক্টৰৰ সৈতে জড়িত অন্যান্য খণ্ডৰ অংশীদাৰসকলকো সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ৰাজ্যখনত বিশ্বৰ অগ্ৰণী উদ্যোগ আৰু প্রতিষ্ঠানসমূহৰ সহযোগত এক বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপন কৰি উদ্যোগ ৪.০ৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰাৰ অৰ্থে দক্ষ কৰ্মীবাহিনী সৃষ্টিৰ বাবে এক বৃহৎ পৰিসৰৰ প্ৰচেষ্টা গ্ৰহণৰ বিষয়ে অৱগত কৰে।

আজিৰ এই সাক্ষাৎকালত উপস্থিত থকা এ ই এম হোণল্ডিংছ, ক্লিনটেক, লেৱি ইঞ্জিনিয়াৰিং, ষ্টেটছ চিগ্লাক, এণ্টাৰপ্রাইজ এছ জিৰ নেতৃবৰ্গ, এক্ৰিবিছ ছীষ্টেমছ, পিইপি ইন’ভেশ্যন, এম টি আই আৰু টেমাছেক পলিটেকনিকৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: advantage assamAdvantage Assam 2.0assam cmAssam CM At Singaporehimanta biswa sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে
বিনোদন

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

August 13, 2026
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?
জীৱনশৈলী

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

August 13, 2026
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?
নিয়োগ

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

August 13, 2026
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?
জীৱনশৈলী

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

August 13, 2026
Next Post
কাইলৈ ভেলেইণ্টাইন ডে’ৰ দিনা সলনি হৈ পৰিব ৫ ৰাশিৰ ভাগ্য, বেয়া সময়ৰ অন্ত পৰিব

কাইলৈ ভেলেইণ্টাইন ডে'ৰ দিনা সলনি হৈ পৰিব ৫ ৰাশিৰ ভাগ্য, বেয়া সময়ৰ অন্ত পৰিব

কিং খান পৰৱৰ্তী এভেঞ্জাৰ ! এন্থনী মেকিয়ে ক’লে বিশেষ কথা

কিং খান পৰৱৰ্তী এভেঞ্জাৰ ! এন্থনী মেকিয়ে ক'লে বিশেষ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.