ডিজিটেল যুগত কোটি কোটি গ্ৰাহকে অনলাইনত নিজৰ ধন লেনদেন কৰে৷ যিমানে দিন বাগৰিছে সিমানেই এই লেনদেনৰ পৰিমাণ আৰু বাঢ়িছে৷ ১ আগষ্টৰ পৰা এই নিয়মত আহিব কেইবাটাও ডাঙৰ পৰিবৰ্তন৷ এন পি ছি আইয়ে নতুন এক সিদ্ধান্ত গ্ৰহণ কৰিছে যি সকলোৱেই মানি চলিব লাগিব৷
ইউ পি আই চিষ্টেমত ডাঙৰ এক পৰিবৰ্তন আহিব৷ নিজৰ ইউ পি আই এপত আপুনি দিনে কিমানবাৰ বেলেন্স চেক কৰিব পাৰিব সেয়া লিমিট কৰি দিয়া হব৷ আপুনি নিজৰ একাউণ্ট বেলেন্স একাধিকবাৰ চেক কৰিব নোৱাৰিব৷ বৰ্তমান সময়ত প্ৰতিমাহে প্ৰায় ১৬ বিলিয়ন টকা ইয়াৰ মাধ্যমেৰে লেনদেন কৰিব পাৰে৷ ফলত ইউ পি আইৰ ওপৰত চাপ প্ৰতিদিনে বাঢ়িছে৷ ফলত প্ৰতিটো বেংকৰ ওপৰেই চাপ বাঢ়িছে৷ ইয়াৰোপৰি কেইবাটাও প্ৰযুক্তিগত সমস্যাও সন্মুখলৈ আহিছে৷
বিগত কেইবামাহ ধৰি কেইবাবাৰো ইউ পি আই চিষ্টেমত বিসংগতি আহিছে৷ ইয়াৰ কাৰণ হৈছে অতিৰিক্ত চাপ৷ এই চাপৰ পৰা ৰক্ষা পাবলৈকে এই বিশেষ সিদ্ধান্ত লোৱা হৈছে৷ এয়া আৰম্ভ হব ১ আগষ্টৰ পৰাই৷ এন পি চি আইৰ পক্ষৰ পৰা কোৱা হৈছে যে ফোন যে, পে টি এম, গুগল পে জাতীয় সকলোবোৰ অনলাইন ট্ৰান্সেকছন এপেই এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব৷ এয়া আৰম্ভ হব ১ আগষ্টৰ পৰা৷ এতিয়াৰে পৰা এজন লোকে দিনটোত কেৱল ৫০ বাৰহে নিজৰ বেলেন্স চেক কৰিব পাৰিব৷
কোটি কোটি গ্ৰাহকৰ মোবাইল নম্বৰ এক স্থানতেই আছে, যদি সকলোৱে দিনধৰি নিজৰ বেলেন্স বাৰে বাৰে চেক কৰি থাকে তেতিয়া যথেষ্ট পৰিমানে চাপ কৰে৷ পৰবৰ্তীকালত এই বেলেন্স চেকৰ পৰিমাণ ২৫ বাৰলৈ কমাই অনা হব পাৰে বুলিও জনোৱা হৈছে৷ ইয়াৰোপৰি দিনৰ কেইটামান সময় স্থিৰো কৰি দিয়া হৈছে৷ সেই সময়ৰ মাজত বেলেন্স চেক কৰিব পাৰিব অন্যথা বেলেগ সময়ত আপুনি চেক কৰিলেও দেখা নাপাব আপোনাৰ বেলেন্স৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















