• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাঁত কিয় ভালে ৰাখিব লাগে?

দাঁত কিয় ভালে ৰাখিব লাগে?

5 years ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

9 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

9 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

10 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

10 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

10 hours ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

12 hours ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

12 hours ago
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

13 hours ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

13 hours ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

14 hours ago
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

14 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

দাঁত কিয় ভালে ৰাখিব লাগে?

ডাঃ ৰুবী কটকীৰ বিশেষ বিধান

editor by editor
September 27, 2021 - Updated on September 28, 2021
in অসম, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা, স্বাস্থ্য
0
দাঁত কিয় ভালে ৰাখিব লাগে?
0
SHARES
471
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মানুহৰ আয়ুস বৃদ্ধিৰ লগে লগে পৃথিৱীৰ সকলো দেশৰ শিক্ষিত জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ প্ৰতিজন মানুহেই নিজৰ শিক্ষা আৰু অভিজ্ঞতাৰ পৰা এইটো কথাও জানিব পাৰিছে যে দাঁতৰ সুস্বাস্থ্যৰ ওপৰত মানুহৰ সুখ-শান্তি, দৈহিক সৌন্দৰ্য, স্বাস্থ্য আৰু জীয়াই থকাৰ আনন্দ বহু পৰিমাণে নিৰ্ভৰ কৰে৷ শৰীৰৰ প্ৰয়োজনীয় অংগসমূহৰ ভিতৰত দাঁত দুপাৰিও অন্যতম বুলি ইতিমধ্যে প্ৰতিপন্ন হৈছে৷ খাদ্যবস্তু কামুৰি চোবাই গুড়ি কৰি খাই, খোৱা খাদ্যৰ সোৱাদ আৰু মজা লোৱাৰ উপৰি দাঁত দুপাৰিয়ে সৌন্দৰ্য ৰক্ষা আৰু ব্যক্তিত্ব গঠনত যথেষ্ট প্ৰভাৱ পেলায়৷ গতিকে মুখ-গহ্বৰৰ তলে-ওপৰে দুয়োপাৰি হনুৰ দন্তবিন্যাস সুস্থ-সৱল আৰু নিৰোগী অৱস্থাত ৰাখিব পৰাটো একধৰণৰ সম্পদ আৰু এনে দন্তবিন্যাসৰ গৰাকী হ’ব পৰাটো সচাঁকৈয়ে সৌভাগ্যজনক৷

মানুহৰ মুখগহ্বৰত সাধাৰণতে গুই প্ৰকাৰৰ দন্তবিন্যাস দেখিবলৈ পোৱা যায়— অস্থায়ী আৰু স্থায়ী৷ অস্থায়ী দাঁতেই হওক বা স্থায়ী দাঁতেই হওক দাঁতৰ মুখ্য কাম হৈছে খোৱাবস্তু ভালদৰে চোবাই খাই হজম ক্ৰিয়াত সহায় কৰা, শব্দৰ সঠিক উচ্চাৰণ আৰু কথন প্ৰক্ৰিয়াত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰা আৰু মুখৰ সৌন্দৰ্য বৃদ্ধি কৰা৷ শৰীৰৰ গঠন, ক্ৰমবিকাশ আৰু চলন-ফুৰণৰ বাবে আমাক শক্তিৰ প্ৰয়োজন হয়৷ সেই শক্তি আমি সাধাৰণতে আমি খোৱা খাদ্যৰ পৰা আহৰণ কৰো৷ আমাৰ মুখগহ্বৰৰ ওপৰ আৰু তলৰ দুয়োপাৰি হনুৰ দন্ত্যবিন্যাসে আমি খোৱা খাদ্যবোৰ কামুৰি, ছিঙি চোবাই গুড়ি কৰি খোৱা প্ৰক্ৰিয়াটো সম্পন্ন কৰে৷ চোবাই গুড়ি কৰি মিহি কৰা খাদ্যৰ অংশ আমাৰ মুখৰ থু বা লেলাউটিৰ সৈতে মিহলি হয় আৰু গিলিব পৰা এটা পিছল পিণ্ডত পৰিণত হৈ খাদ্যনলীত প্ৰৱেশ কৰে৷ দাঁত আৰু মুখৰ স্বাস্থ্য ভালে নাথাকিলে খাদ্যবস্তু ভালদৰে চোবাই খোৱা অসম্ভৱ হৈ পৰে, ফলস্বৰূপে খোৱা খাদ্য ভালদৰে হজম নহয়, পেটৰ বিভিন্ন বেমাৰ হয়, ফলত শৰীৰক লগা প্ৰয়োজনীয় শক্তিৰ যোগান যথেষ্ট কম পৰিমাণৰ হয় আৰু স্বাস্থ্যৰ অৱনতি ঘটে৷ খাদ্য বস্তু চোবাই গুড়ি কৰি খোৱা প্ৰক্ৰিয়াটো যদিও এটা সাধাৰণ কথা যেন লাগে, কিন্তু ই এটা জটিল শাৰিৰীক প্ৰক্ৰিয়া৷ খাদ্যবস্তু চোবাই কোৱা কাৰ্যটোত আমাৰ দন্তবিন্যাসত প্ৰতিটো দাঁতৰেই বিশেষ ভূমিকা আছে৷ আমাৰ স্থায়ী দন্তবিন্যাসত, দুয়োপাৰি হনুৰ একোপাৰিত চাৰিটা ছেদক দাঁত-দুটা কেন্দ্ৰীয় আৰু দুটা পাৰ্শ্বীয়, দুটা কৃন্তক আৰু চাৰিটা পুৰুঃপেষক আৰু ৬টা পেষক দাঁত থাকে৷ অস্থায়ী দন্তবিন্যাসতো চাৰিটা ছেদক দাঁত, দুটা কৃন্তক আৰু চাৰিটা পেষক দাঁত থাকে৷ অস্থায়ী দন্তবিন্যাসত পুৰুঃপেষক দাঁত নাথাকে৷ মুখমণ্ডলৰ সন্মুখৰ ছেদক দাঁতবোৰ খোৱাবস্তু কামুৰি কাটিবলৈ ব্যৱহাৰ কৰা হয়৷ কৃন্তক দাঁতবোৰ বস্তু কামুৰি ফালি-ছিঙি পেলাবলৈ, পুৰুঃপেষক দাঁতবোৰ বস্তু কামুৰি চোবাবলৈ আৰু পেষক দাঁতবোৰ বস্তু চোবাই গুড়ি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ খোৱাবস্তু কামুৰি, চিঙি চোবাই গুড়ি কৰি খোৱা প্ৰক্ৰিয়াটোৰ ওপৰত দাঁতৰ গঠন, আকৃতি আৰু অৱস্থান নিৰ্ভৰ কৰে৷

দাঁতৰ মুখ্য কাম যদিও খাদ্যবস্তু ভালদৰে চোবাই গুড়ি কৰি খাই হজম কৰা বা পাচন ক্ৰিয়াত সহায় কৰা, মুখৰ সৌন্দৰ্যবৰ্ধন আৰু শব্দৰ সঠিক উচ্চাৰণ কৰাতো দাঁত দুপাৰিৰ ভূমিকা উল্লেখনীয়৷ দাঁতৰ গঠন আৰু আকাৰ যদি সঠিক নহয়, দাঁতবোৰ বেঁকা-বেঁকি আৰু বেৰীয়া হয় আৰু উচলা আৰু উজলা হয়, তেতিয়া ই মুখৰ সৌন্দৰ্য হানি কৰে৷ তদুপৰি বেৰীয়া বা বেঁকা-বেঁকি আৰু অসমান হোৱা হেতুকে সঠিক ধৰণেৰে ব্ৰাছ কৰা সম্ভৱ নহয়গৈ৷ ফলত দাঁতবোৰ অপৰিষ্কাৰ হৈ পৰে৷ মুখৰ সৌন্দৰ্যৰ আকৰ হ’ল এটি সুন্দৰ হাঁহি ৷ মিচিকিয়া হাঁহিটোৰ মাজেৰে দেখা পোৱা পৰিষ্কাৰ, বগা, দালিমগুটীয়া দাঁতকেইটিৰ আভাসে ব্যক্তিৰ ব্যক্তিত্বত সোণত সোৱগা চৰায়৷ বহুতে আকৌ ইয়ৈক ‘হাঁহিত মুকুতা সৰে’ বা ‘মিলিয়ন ডলাৰ স্মাইল’ বুলিও অভিহিত কৰে৷ কিন্তু এজন ব্যক্তিৰ দাঁতৰ গঠন সঠিক নহয়, দাঁতবোৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ভাগি যায়, দাঁতৰ মাজত ফাঁক থাকে বা সন্মুখৰ দাঁত নাথাকে, তেতিয়া ব্যক্তিজনে খোলা-খুলিকৈ বৈ মুকলি মনেৰে কথা পাতিব বা হাঁহিব নোৱাৰে, কেতিয়াবা কথা কৈ থকা অৱস্থাত এনে ব্যক্তিৰ মুখৰ থুই বা পিক দাঁতৰ ফাঁকেৰে ছিটিকি আহি সন্মুখৰ ব্যক্তিৰ গায়ে-মূৰে পৰি এক অস্বস্তিকৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ এনে অৱস্থাত ভোগা মুখখন টিপি বা ৰুমাল বা হাতেৰে ঢাকি হাঁহিবলৈ বিচাৰে আৰু শ্ৰোতাৰ পৰা মুখখন আঁতৰাই নি বেঁকাকৈ চাই কথা পাতিব বিচাৰে৷ বহুক্ষেত্ৰত এনে দৃশ্য দৃষ্টিকটু হৈ পৰে৷ শ্ৰোতাৰ মুখলৈ চাই, চকুত দৃষ্টি নিবদ্ধ কৰি কথা পাতিলে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত ঋণাত্মক প্ৰভাৱ পৰা দেখা যায়৷

দাঁত দুপাৰিৰ আৰু এটা প্ৰধান কাম হ’ল শব্দৰ সঠিক উচ্চাৰণ কৰাত সহায় কৰা৷ ব্যঞ্জন বৰ্ণৰ কিছু বৰ্ণ যেনে- ত, থ, দ, ধ, ন, স আদি দাঁতৰ পৰা উচ্চাৰিত হয়৷ দাঁত নাথাকিলে বা দন্তবিন্যাসৰ গাঁথনি ঠিক নহ’লে শব্দৰ সঠিক উচ্চাৰণত বাধা আহি পৰে৷ ইয়াৰ ফলত কওঁতাজনৰ কথা-বাৰ্তা স্পষ্ট নহয়৷ শ্ৰোতাৰ বাবে বুজাত অসুবিধা হয়৷ ফলস্বৰূপে শ্ৰোতা আৰু বক্তাৰ মাজত বুজা-বুজি বা ভাৱ বিনিময়ত বাধা আহি পৰে৷ শব্দৰ সঠিক উচ্চাৰণ প্ৰয়োগ আৰু বাক্যৰ লালিত্যই এজন ব্যক্তিৰ ব্যক্তিত্ব গঠনত যথেষ্ট প্ৰভাৱ পেলায়৷

আংশিকভাৱেই হওঁক বা সম্পূৰ্ণৰূপেই হওঁক, দাঁত নাথাকিলে মানুহৰ বহুতো অসুবিধা হয়৷ দাঁত এটা উঠাই পেলোৱাটো যিমানেই সহজ কিন্তু তাৰ ফলত সৃষ্টি হোৱা জটিলতা সিমানেই কঠিন৷ সামান্য দাঁত এটা উঠাই পেলোৱাৰ ফলত সমগ্ৰ মুখগহ্বৰ আৰু মুখমণ্ডলৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে তথা নানান বিসংগতিয়ে দেখা দিব পাৰে৷ গতিকে দাঁত এটা উঠাই পেলোৱাতকৈ তাক বিজ্ঞানসন্মতভাৱে অনবদ্য অংগস্বৰূপে কাৰ্যক্ষম কৰি ৰখাটোহে অতীব প্ৰয়োজন৷ দাঁত নাথাকিলে মানুহৰ মুখৰ কাৰ্যক্ষমতা যথেষ্ট পৰিমানে কমি যায় আৰু মুখৰ লম্বিক দৈৰ্ঘ্য (Vertical Height) কেন্দ্ৰিক সম্পৰ্ক (Centric Relation)ৰ তাৰতম্য ঘটি মুখৰ হনুৰ জোৰাত বিষ আৰু অস্বস্তি অনুভৱ হয়৷ তদুপৰি মুখৰ হনুৰ তলৰেই হওক বা ওপৰৰেই হওক সম্পূৰ্ণ বা আংশিকভাৱে দাঁত নাথাকিলে দাঁতে দাঁতে লগা, বন্ধ ,কৰা বা কামোৰাৰ যি সম্পৰ্ক সেই সম্পৰ্কত বিজুটি ঘটে, ফলতওপৰ পাৰিৰ দাঁত নাথাকিলে তলৰ পাৰিৰ দাঁত ওপৰলৈ উঠি আহে আৰু তলৰ পাৰিৰ দাঁত নাথাকিলে ওপৰ পাৰিৰ দাঁত হনুৰ হাড়ৰ পৰা তললৈ নামি আহে৷ সেয়েহে আংশিকভাৱে উঠোৱা দাঁত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত পুনৰ সংস্থাপন নকৰিলে উঠাই পেলোৱা দাঁতটো বা দাঁতবোৰৰ কাষৰ দাঁতবোৰ বেঁকা-বেঁকি হয় আৰু দাঁতবোৰৰ মাজত ফাঁক হয়৷ এই ফাঁকবোৰত খাদ্য খালে সোমাই যোৱাৰ ফলত ব্যক্তিয়ে অসুবিধা অনুভৱ কৰে৷ এনেদৰে অনবৰতে এই ফাঁকবোৰত খাদ্যৰ অৱশেষ সোমাই ৰৈ যোৱাৰ ফলত দন্তক্ষয় বা দাঁতৰ মাৰি বা আলুৰ ৰোগৰ দ্বাৰা ব্যক্তিজন আক্ৰান্ত হ’ব পাৰে৷

বৰ্তমান যুগত দন্ত চিকিৎসা বিজ্ঞানৰ যথেষ্ট উন্নতি হৈছে৷ সেয়েহে আজিকালি দাঁতৰ ৰোগৰ দ্বাৰা আক্ৰান্ত দাঁত সহজতে সৰাই বা উঠাই নিদিয়ে৷ বিভিন্ন ধৰণৰ আধুনিক চিকিৎসা পদ্ধতিৰে আক্ৰান্ত দাঁতবোৰ সংৰক্ষণ কৰিব পৰা ব্যৱস্থা আছে কিয়নো আধুনিক চিকিৎসা বিজ্ঞানে প্ৰাকৃতিক কলা সংৰক্ষণত যথেষ্ট গুৰুত্ব দিছে৷ তথাপি কেতিয়াবা কিছুমান সংকটকালীন পৰিস্থিতিত দাঁত সৰুৱাই পেলাবলগীয়া হয়৷ তেনেকুৱা ক্ষেত্ৰত কৃত্ৰিমভাৱে দাঁত আৰু মুখৰ কলা সংৰক্ষণ কৰি এনেবোৰ আসোঁৱাহৰ পৰা ৰক্ষা পৰিব পাৰি৷

শিশু অৱস্থাৰ পৰাই এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ ঘটিবলৈ আৰম্ভ কৰে৷ এজন ব্যক্তিৰ শাৰিৰীক, মানসিক আৰি চাৰিত্ৰিক গঠনৰ ধনাত্মক আৰু ঋনাত্মক দিশবোৰ শিশু অৱস্থাতেই আৰম্ভ হয়৷ গতিকে এইক্ষেত্ৰত পিতৃ-মাতৃ বা অভিভাৱক যথেষ্ট সচেতন হ’ব লাগে৷ সন্তানক সৰুৰ পৰাই মুখগহ্বৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ শিকোৱাটো মাক-দেউতাকৰ কৰ্তব্য৷ কিয়নো, অলপমান যতনে দাঁত দুপাৰি সুস্থ-সবল কৰি ৰাখি এটি সুন্দৰ ব্যক্তিত্ব গঢ়ি তোলাত যথেষ্ট বৰঙণি যোগায়৷

অকনমান সচেতনতা আৰু অলপমান সজাগতাই দাঁত দুপাৰি সুস্থ, সবল আৰু নিৰোগী কৰি ৰখাত অৰিহণা যোগায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24health tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?
জীৱনশৈলী

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

May 25, 2026
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?
জীৱনশৈলী

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

May 25, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

May 25, 2026
Next Post
যিকোনো মুহূৰ্তত নিঃশেষ হ’ব ধোদৰআলি

যিকোনো মুহূৰ্তত নিঃশেষ হ’ব ধোদৰআলি

অসমত মুছলমান ধ্বংসৰ ব্লু-প্ৰিণ্ট! কংগ্ৰেছ নেতাই দিলে ভয়ংকৰ তথ্য

অসমত মুছলমান ধ্বংসৰ ব্লু-প্ৰিণ্ট! কংগ্ৰেছ নেতাই দিলে ভয়ংকৰ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.