পৃথিৱী ধ্বংসৰ ভৱিষ্যদ্বাণী কেৱল জ্যোতিষীয়েই কৰা নাই। আইজাক নিউটনেও কৰি গৈছে এই ভৱিষ্যদ্বাণী। মধ্যাকৰ্ষণ সূত্ৰৰ আৱিষ্কাৰক নিউটনে কৰি গৈছে এই ভৱিষ্যদ্বাণী। কেৱল মহাকৰ্ষণৰ সূত্ৰই আৱিষ্কাৰ কৰিছিল তেনে নহয় মহাকৰ্ষণৰ নিয়মক লৈয়ো তেওঁ বিশেষ গ্ৰন্থ লিখি থৈ গৈছে। জানি অবাক হব যে এই মহান বিজ্ঞানী ছাৰ আইজাক নিউটনেও ৰহস্যময় ভৱিষ্যদ্বাণী কৰি থৈ গৈছে।
১৭০৪ চনত লেখা তেওঁৰ এখন চিঠিত তেওঁ উল্লেখ কৰি গৈছে যে ২০৬০ চনত পৃথিৱী ধ্বংস হব! তেওঁ ধ্বংস শব্দটোৰ পৰিবৰ্তে লিখিছে ৰিছেট বা পুনঃস্থাপন। ইয়াৰ পৰাই এই ইংগিত পোৱা গৈছে যে ২০৬০ চনত বিশ্বত বিপৰ্যয় আহিব আৰু এক নতুন যুগৰ সূচনা হব।
আইজাক নিউটনৰ সেই ৰহস্যময় চিঠিত কি আছে?
নিউটন এজন ধাৰ্মিক মানুহ আছিল। বাইবেলৰ বুক অফ ডেনিয়েলৰ পৰা তাৰিখ গণনা কৰি এই সিদ্ধান্তত উপনীত হৈছিল তেওঁ। তেওঁৰ মতে ১২৬০ বছৰৰ সময়কালত ৮০০ খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ হ@ব আৰু ২০৬০ চনত এয়া শেষ হব। তেওঁ লগতে লিখিছে ইয়াৰ পাছতো ঘটিব পাৰে। সঠিক তাৰিখ বিচাৰি নিউটনে চাৰ্চৰ সমাপ্তি গণনা কৰিছিল ৮০০ খ্ৰীষ্টাব্দত। তেতিয়া ৰোমান সাম্ৰাজ্য গঠিত হৈছিল। ইয়াৰ সৈতে ১২৬০ বছৰ যোগ কৰি চূড়ান্ত সিদ্ধান্তত উপনীত হৈছিল নিউটন। সেই অনুসৰি তেওঁ কৈছিল য়ে ২০৬০ চনত পৃথিৱী ৰিছেট হব।
২০৬০ পৃথিৱী শেষ হব নে নতুন আৰম্ভণি হব?
নিউটনৰ এই ভৱিষ্যদ্বাণী কেৱল কাৰোবাৰ ভয় খুওৱাৰ উদ্দেশ্যত নাছিল তেওঁ ইয়াক এটা ঐশ্বৰিক হস্তক্ষেপ বুলি কৈছিল। তেওঁ কৈছিল ২০৬০ চনৰ পাছত যীশুখ্ৰিষ্ট আৰু সাধুগণ আহিব। ১০০০ বছৰৰ বাবে পৃথিৱীত আকৌ এক শান্তিপূৰ্ণ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব।
নিউটন বিজ্ঞানী নে আধ্যাত্মিক চিন্তাবিদ আছিল?
হেলিফেক্স বিশ্ববিদ্যালয়ৰ অধ্যাপক ষ্টিফেন ডি স্নোবেলেনৰ মতে নিউটন কেৱল এজন বিজ্ঞানীয়েই নাছিল তেওঁ এজন প্ৰাকৃতিক দাৰ্শনিকো আছিল। তেওঁৰ ওচৰত ধৰ্ম আৰু বিজ্ঞানৰ মাজত কোনো বিভাজনো নাছিল। তেওঁ বিশ্বাস কৰিছিল যে বাইবেলৰ ভৱিষ্যদ্বাণীৰ বাখ্যা কৰাটোও বৈজ্ঞানিক আৱিষ্কাৰৰ দৰেই গুৰুত্বপূৰ্ণ।
নিউটনৰ গণনা সম্পূৰ্ণৰূপে তথ্যৰ ওপৰত ভিত্তি কৰি বিবেচনাও কৰিব নোৱাৰিব। কাৰণ তাত ধৰ্মীয় বিশ্বাস সোমাই আছে। অৱশ্যে এই ভৱিষ্যদ্বাণী সঁচা হব নেকি সেই বিষয়ে তথ্য বিচাৰি আছে বিজ্ঞানীয়ে। অৱশ্য়ে ২০৬০ চনত পৃথিৱী ৰিছেট হবনে সেয়া সম্পূৰ্ণ সময়ৰ ওপৰত বুলিও জনাইছে একাংশ বিশ্লেষকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ