ঘোৰ বিপৰ্যয় আহিব৷ ২০২৫ চনতেই আৰম্ভ হ’ব তৃতীয় বিশ্বযুদ্ধ৷ ভয়াৱহতাই প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধকো চেৰ পেলাব৷ এই ভৱিষ্যদ্বাণী কৰিছে নিকোলাছ আওজলাই৷ তেওঁ কৈছে, ‘হিংস্ৰ হৈ উঠিব সমগ্ৰ পৃথিৱী৷’
Nicolas Aujula লণ্ডনৰ বাসিন্দা৷ বয়স ৩৮ বছৰ৷ তৰুণ বুলিয়েই ক’ব পাৰি৷ আশংকাৰ কৰা হৈছে, তেওঁ পূৰ্বে যিসমূহ ভৱিষ্যদ্বাণী কৰিছিল প্ৰায় সকলোবোৰেই মিলি গৈছে৷ ২০১৮ চনত কৰ’না মহামাৰীৰ নিখুঁত পূৰ্বাভাসো দিছিল নিকোলাছে৷ ফলত তৃতীয় বিশ্বযুদ্ধক লৈ নিকোলাছৰ ভৱিষ্যদ্বাণী দেখি ভয় খাইছে বহুজনে৷
দ্যা মিৰৰ’ক দিয়া সাক্ষাৎকাৰত নিকোলাছে কৈছে, ‘২০২৫ চনত তৃতীয় বিশ্বযুদ্ধ হোৱাটো নিশ্চিত৷ নিশ্চিতভাৱে যুদ্ধ হ’ব৷ ইয়াৰ ভয়াৱহতাত সকলোৱে চমকি উঠিব৷ কাৰোৰে মাজত কোনো সহানুভূতি নাথাকিব৷ ধৰ্ম আৰু জাতীয়তাবাদৰ নামতে এজনে আনজনৰ ডিঙি কাটিব৷ ৰাজনৈতিক হত্যাকাণ্ড ঘটিব৷ মন্দ আৰু হিংস্ৰতাৰ দখলত সোমাই পৰিব সমগ্ৰ পৃথিৱী৷’
চলিত বৰ্ষত একাধিক প্ৰাকৃতিক বিপৰ্যয়ৰো পূৰ্বাভাস দিছে নিকোলাছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘অতিৰিক্ত বৃষ্টিপাতৰ ফলত বিশ্বৰ বিভিন্ন দেশত ধ্বংসাত্মক বান হ’ব৷ লাখ লাভ ঘৰ পানীত ডুব যাব৷ কোটি কোটি মানুহ গৃহহীন হ’ব৷ ইয়াৰোপৰি সমুদ্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত চহৰো ডুব যাব পাৰে৷ আন্তৰ্জাতিক ৰাজনীতিতো খেলিমেলিৰ সৃষ্টি হ’ব৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ পতন আৰু মুদ্ৰাস্ফীতিও এই বৰ্ষত হ’ব৷
১৭ বছৰ বয়সত সপোনত এজন ব্যক্তিয়ে নিকোলাছক ভৱিষ্যৎ ঘটনা সম্পৰ্কে জনাইছিল৷ তেতিয়াৰে পৰাই ভৱিষ্যদ্বাণী কৰিবলৈ আৰম্ভ কৰিছে নিকোলাছে৷ নিজেই সেই কথা জনাইছে নিকোলাছে৷ বৰ্তমান পৰ্যন্ত ব্লেক লাইভছ মেটাৰ আন্দোলন, ড’নাল্ড ট্ৰাম্পৰ প্ৰেছিডেণ্ট হোৱা, আৰ্টিফিছিয়েল ইণ্টেলিজেন্সৰ উত্থান, নটৰডাম কেথেড্ৰালেৰত জুই, কৰ’না মহামাৰি আৰু ৰবট সেনাবাহিনী তৈয়াৰৰ ভৱিষ্যদ্বাণীও কৰিছিল৷ সকলোবোৰ মিলিও গৈছিল৷
নিকোলাছৰ দাবী, তেওঁ কিশোৰ বয়সতেই বুজিব পাৰিছিল তেওঁৰ মাজত বিশেষ ক্ষমতা আছে৷ কিছুদিৱ কমাতো আছিল নিকোলাছ৷ তাৰপাছৰে পৰাই অতীত আৰু ভৱিষ্যৎ দেখা পাইছিল তেওঁ৷ নিকোলাছে কয়, ‘মই দেখিছো একসময়ত মিছৰৰ ৰাণী আছিলো৷ চীনত দৰ্জিৰ কাম কৰিছিলো৷ হিমালয়ত সন্ন্যাসী হৈয়ো ফুৰিছিলো৷ যেতিয়া মই আফ্ৰিকাত জন্ম হৈছিলো তেতিয়া ডাইনী আছিলো৷ মই সিংহ হৈয়ো জন্ম হৈছিলো৷’
কিছু দাৰ্শনিকভাৱে তেওঁ দাবী কৰিছিল, ‘বহু ভিন্ন অভিজ্ঞতাই মোক ভৱিষ্যদ্বাণী কৰাৰ ক্ষমতা দিছে৷ মই জানো মৃত্যুৱে জীৱনৰ শেষ নহয়৷ কাৰণ আত্মা কেতিয়াও নমৰে৷ আমি বাৰে বাৰে জন্ম হওঁ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ