অতিকে শোকাৱহ, টেংকাৰ বিস্ফোৰণ ঘটি প্ৰাণ হেৰুৱালে ১৪০ গৰাকী লোকে
এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে নাইজেৰিয়াত। এখন ইন্ধন ভৰ্তি টেংকাৰ বিস্ফোৰণ হৈ প্ৰাণ হেৰুৱালে ১৪০ গৰাকীকৈ লোকে। বুধবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাটো নাইজেৰিয়াৰ উত্তৰ-পশ্চিম দিশত সংঘটিত হৈছে। আফ্ৰিকাৰ আটাইতকৈ জনবহুল দেশ নাইজেৰিয়া।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি প্ৰথমে ভাৰতীয় সময় অনুসৰি বুধবাৰে নিশা আৰু নাইজেৰিয়াৰ সময় অনুসৰি পুৱতি নিশা ইন্ধন ভৰ্তি টেংকাৰ খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে। এই খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত নিকট গাঁওবাসী লোক উপস্থিত হৈ পাৰে মাৰে ইন্ধন সংগ্ৰহ কৰিবলৈ ধৰে।
পাছে তেতিয়াই যেন বাজি উঠে মৃত্যু ডংকা। ইন্ধন সংগ্ৰহ কৰি থকা অৱস্থাতে হঠাতে বিস্ফোৰণ হয় ইন্ধন ভৰ্তি টেংকাৰখন। যাৰ ফলত দাওদওকে জ্বলি উঠা টেংকাৰ খনৰ লগতে জ্বলি ভষ্মিভূত হয় বহু লোক।
প্ৰকাশ পোৱা তথ্য অনুসৰি, ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ৯৭ গৰাকী লোক। অন্য লোক সকলে হাস্পতালত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাই। সকলো নিহতৰে গণসমাধি দিয়া বুলি জানিব পৰা হৈছে। জ্বলি যোৱাৰ ফলত বহু কেইজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।
বৰ্তমানে ইন্ধন ভৰ্তি টেংকাৰ খন বিস্ফোৰণৰ ফলত বহু দূৰলৈ চিটিকি পৰিছে ইন্ধনৰ লগতে জ্বলি যোৱা সামগ্ৰী আদি, যাৰ ফলত নিকট গাঁৱৰ পানী খাব পৰা অৱস্থাত নাই বুলি প্ৰকাশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ