অসম লাইভ২৪ঃ এটা এটাকৈ নক্ষত্ৰ অস্ত গৈছে৷ সূৰ্য নামি অহা বাটেৰেই অসমীয়া সাহিত্যক উজলাবলৈ আহিছিল এইজনা শব্দৰ পূজাৰী! অহাৰ বাটেৰেই গ’লগৈ যদিও সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গ’ল কাব্যঋষিয়ে৷ জিএমচিএইছত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিছে কাব্যঋষি নীলমণি ফুকনে৷ কবিতাৰেই দেশৰ সাহিত্যজগতৰ সৰ্বোচ্চ সন্মান লাভ কৰা নীলমণি ফুকনৰ সহজ-সৰল জীৱন ধাৰণে কাকনো স্পৰ্শ নকৰে! কাব্যঋষি গুচি যোৱাৰ পৰত সকলোৱে তেওঁৰ জীৱনৰ বহু কথা আকৌ এবাৰ জানিবলৈ আগ্ৰহী হৈ উঠিছে৷
কাব্যঋষিয়ে তেওঁৰ মৃত্যুৰ পাছতো কেনেদৰে সৎকাৰ কৰিব ক’ত ৰাখিব তাৰবাবে ৪ টা বিশেষ পৰামৰ্শও আগবঢ়াই থৈ গৈছে৷ কবি আনিছ উজ জামানৰ হতোৱাই নীলমণি ফুকনে তেওঁৰ মৃত্যুৰ পাছত কি কৰিব লাগিব আৰু কি কৰিব নালাগিব সেই কথা লিখি থৈ গৈছে। এই ইচ্ছাপত্ৰত তেওঁ মুঠ ৪ টা কথা তেওঁ উল্লেখ কৰি থৈ গৈছে।
প্ৰথমটো ইচ্ছা হৈছে, ‘মোৰ মৃত্যুৰ পাছত শৰীৰটো ক’তো ঘূৰাই নুফুৰিবা। পোনে পোনে ভূতনাথলৈ নিবা।’
দ্বিতীয়তে তেওঁ উল্লেখ কৰি যোৱা মতে, ‘মোক লৈ কোনো গ্ৰন্থ ৰচনা নকৰিবা। ইতিমধ্যে বহু লেখা হৈছে।’
তৃতীয়তে তেওঁ কৈ গৈছে, ‘মৃত্যুৰ পাছত কিবা অনুষ্ঠান পাতিলে বহু মানুহ মাতি হুলস্থুল নকৰিবলৈ কবা৷’
চতুৰ্থতে তেওঁ কৈছিল, ‘মোৰ নামত কোনো স্মৃতিৰক্ষা সমিতি গঠন কৰিব নালাগে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ