জেভনিল থ্ৰ’ত টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা ভাৰতীয় ডেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পুনৰবাৰ ইতিহাস সৃষ্টি কৰিছে৷
ভাৰতীয় তাৰকা ক্ৰীড়াবিদগৰাকীয়ে ল’জান ডাইমণ্ড লীগ মীটৰ খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগে লগে তেওঁ ৭ আৰু ৮ ছেপ্টেম্বৰত জুৰিখত অনুষ্ঠিত হ’বলগীয়া ডাইমণ্ড লীগৰ ফাইনেলতো প্ৰৱেশ কৰিছে। এই কৃতিত্ব অৰ্জন কৰা নীৰজ চোপ্ৰাই হৈছে প্ৰথমগৰাকী ভাৰতীয়।
ইয়াৰ লগে লগে নীৰজ চোপ্ৰাই ২০২৩ চনত হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।
লগতে পঢ়ক ছাত্ৰীৰে মেচেঞ্জাৰত যৌনগন্ধী বাৰ্তালাপ! নিলম্বিত হ’ল লখিমপুৰ কলেজৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া
২৪ বছৰীয়া নীৰজ চোপ্ৰাই খিতাপ দখলৰ প্ৰথম প্ৰচেষ্টাত ৮৯.০৪ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। এয়া হৈছে নীৰজৰ কেৰিয়াৰৰ তৃতীয় শ্ৰেষ্ঠ প্ৰচেষ্টা। চেক গণৰাজ্যৰ জেকব ভাডলেজচোৱে ৮৫.৮৮ মিটাৰ বেষ্ট থ্ৰ’ৰে ৰূপৰ পদক আৰু আমেৰিকান কাৰ্টিছ থম্পছনে ৮৩.৭২ মিটাৰ বেষ্ট থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
উল্লেখ্য যে বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত আঘাতৰ বাবে অংশ ল’ব নোৱাৰিলে নীৰজ চোপ্ৰাই। তাৰ পূৰ্বে অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল। এই টুৰ্ণামেণ্টতে নীৰজ চোপ্ৰাই আঘাতৰ সন্মুখীন হয়। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত এয়া আছিল নীৰাজৰ প্ৰথমটো ইভেণ্ট।
হাৰিয়ানাৰ পানীপটৰ বাসিন্দা চোপ্ৰাই ডাইমণ্ড লীগৰ খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। চোপ্ৰাৰ পূৰ্বে ডিস্কাছ থ্ৰ’ৱাৰ বিকাশ গৌড়াই ডাইমণ্ড লীগৰ মীটৰ শীৰ্ষ তিনিটা স্থানত প্ৰৱেশ কৰা একমাত্ৰ ভাৰতীয় আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















