যিকোনা ক্ষেত্ৰতেই নহওক ভাৰত আৰু পাকিস্তান সদায়ে চৰি বৈৰী৷ সেয়া লাগে সেয়া ৰাজনীতিয়েই হওক বা ক্ৰীড়াক্ষেত্ৰতেই হওক৷ অৱশ্যেই ক্ৰীড়াক্ষেত্ৰত দুয়ো দেশে সদায়ে ক্ৰীড়াসূলভ মানসিকা বৰ্তাই আহিছে৷
কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত দুই ৰাষ্ট্ৰৰ শত্ৰুতা প্ৰায়ে চূড়ান্ত পৰ্যায়ত উপণীত হোৱা দেখা যায়৷ এই ৰাজনীতিৰ বাবেই ভাৰত আৰু পাকিস্তান দুয়ো দেশে একাধিক যুদ্ধতো অৱতীৰ্ণ হৈছে৷
সীমান্তত দুয়ো দেশৰ সেনা মাজতো প্ৰায়ে সংঘৰ্ষ হৈ থকাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈ থাকে৷ সীমান্তত দুয়ো দেশৰ সেনাৰ মাজতো সদায়ে যুদ্ধংদেহি মনোভাৱ সক্ৰিয় হৈ থাকে৷ প্ৰতিপক্ষ হিচাপে সাজু হৈ থাকে দুয়ো দেশৰ সেনাৰ মাৰণাস্ত্ৰ!
লগতে পঢ়ক বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহ! শুই থাকোতে স্বামীৰ গুপ্তাংগত উতলা পানী ঢালিলে পত্নীয়ে
কিন্তু এনে এক পৰিৱেশৰ মাজতো দুয়ো দেশৰ সেনাৰ এটা ভাইৰেল ভিডিঅ’ৱে সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ যিটো ভিডিঅ’ৱে দুয়ো দেশৰ সেনাৰ মাজতেই নহয়, দুয়োখন দেশৰ সাধাৰণ নাগৰিকৰ মাজতো ব্যাপকভাৱে চৰ্চা লাভ কৰিছে৷
ভাইৰেল হোৱা ভিডিঅ’টো হৈছে ভাৰত আৰু পাকিস্তানৰ সীমান্ত নিয়ন্ত্ৰণ ৰেখাত কৰ্মৰত দুই দেশৰ সেনা জোৱানক৷ ভিডিঅ’টোত কিছুদিন পূৰ্বে আততায়ীৰ গুলীত নিহত হোৱা পাঞ্জাৱী গায়ক সিদ্ধু মুছৱালাৰ জনপ্ৰিয় ‘বাম্বিহা বলে’ গীতত ভাৰতীয় সেনা জোৱানে নৃত্য কৰিছে৷ মুছৱালাৰ গীতত ভাৰতীয় সেনাক নৃত্য কৰি থকা সীমান্ত সিপাৰৰ পৰা পাকিস্তানী সেনাইও হাত জোকাৰি নৃত্য কৰা দেখা গৈছে৷ অৰ্থাৎ ভিডিঅ’টোৱে দুয়ো দেশৰ সেনা জোৱানৰ মাজত পাৰস্পৰিক ভাতৃত্ববোধক প্ৰতিফলন ঘটাইছে৷
Indian and Pakistani soldiers are dancing and waving at the Line of Control (LoC) with the Sidhu Moosewala’s song! Problem is not with the people, problem is with politics. pic.twitter.com/mzwC90lpbS
— Ashok Swain (@ashoswai) August 26, 2022
লগতে পঢ়ক হোষ্টেলত প্ৰৱেশ কৰি তিনি ছাত্ৰীক যৌন উৎপীড়ন, তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
এই ভিডিঅ’টো দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত হৰগোবিন্দৰ সিং ধলিৱাল বৃহস্পতিবাৰে টুইটাৰত পোষ্ট কৰাৰ পিছতে ভাইৰেল হৈ পৰে।
শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে শীৰ্ষ আৰক্ষীগৰাকীৰ এই ভিডিঅ’টো হাজাৰৰো অধিক ৰিটুইট কৰা হৈছে৷ প্ৰখ্যাত শান্তি আৰু সংঘাত গৱেষক অশোক শ্বোৱাইনে ৰিটুইট কৰিছে৷
‘‘সিদ্ধু মুছৱালাৰ গানেৰে ভাৰতীয় আৰু পাকিস্তানী সৈন্যই লাইন অৱ কণ্ট্ৰ’ল (এল অ’ চি)ত নৃত্য কৰি হাত জোকাৰি আছে! সমস্যা জনসাধাৰণৰ নহয়, সমস্যা ৰাজনীতিৰ।’’ আন্তঃৰাষ্ট্ৰীয় জল সহযোগিতা সম্পৰ্কীয় ইউনেস্ক’ৰ অধ্যক্ষগৰাকীয়ে এইদৰে এটা পোষ্টও কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ